NORTHEAST NOW (Assamese)
Popular Stories

অন্ধ ৰূপত আৰু দেখা নাযাব ন্যায়ৰ দেৱীক! উচ্চতম ন্যায়ালয়ত সলনি হ’ল ‘ষ্টেচু অৱ লেডী জাষ্টিছ’

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী October 16, 2024 9:06 pm

‘দেশৰ ন্যায়পালিকা অন্ধ নহয়’- এই বাৰ্তা দি ভাৰতৰ ন্যায়িক ব্যৱস্থাৰ প্ৰতীক সলনি হ’ল। সাধাৰণতে ল এণ্ড জাষ্টিছৰ লেডী জাষ্টিছৰ ফিগাৰটো চকুত পটি বান্ধ খাই থাকে। কিন্তু সেই প্ৰতিমূৰ্তি সলনি হৈছে উচ্চতম ন্যায়ালয়ত। নতুন ছবিখনত ন্যায়াধীশৰ চকুৰ পটি আঁতৰোৱা হৈছে। লগতে নতুন প্ৰতিমূৰ্তিৰ এহাতে তৰোৱালৰ ঠাইত ভাৰতীয় সংবিধান স্থাপন কৰা হৈছে।

লেডী জাষ্টিছৰ মূৰ্তিটো সমগ্ৰ দেশতে ন্যায়ৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হয়। যুক্তিৰ সমান মূল্যৰ বিচাৰক বুজাবলৈ স্কেলখন এহাতেৰে ধৰি ৰখা হয়। আনফালে তৰোৱাল, যাৰ অৰ্থ শাস্তি বা দণ্ড। লগতে লেডী জাষ্টিছৰ দুটা চকুত কাপোৰেৰে ঢাকি দিয়া হৈছে যাতে ন্যায়পালিকাৰ নিৰপেক্ষতাক বুজাব পৰা যায়। কিন্তু বৰ্তমান যুগত বহুবাৰ এই প্ৰশ্ন উত্থাপন হৈছে, ন্যায়ৰ দেৱীয়ে চকু মুদি অন্ধ হৈ গৈছে নেকি? বহু বিষয়ত ন্যায়পালিকাৰ মনোযোগ এৰাই চলিছে?

এই চিন্তাৰ পৰাই সলনি হৈ গ’ল লেডী জাষ্টিছৰ মূৰ্তিটো। জানিব পৰা মতে, মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নিৰ্দেশত নতুন প্ৰতিমূৰ্তিটো পুথিভঁৰালত ৰখা হৈছে। দেখা গৈছে যে নতুন ফিগাৰত লেডী জাষ্টিছৰ চকুৰ পটিখন আঁতৰাই পেলোৱা হৈছে। তাৰ লগতে ভাৰতীয় সংবিধানৰ পৰা তৰোৱালখনো আঁতৰাই দিয়া হৈছে।

সূত্ৰ অনুসৰি চন্দ্ৰচুড়ৰ নিৰ্দেশত উচ্চতম ন্যায়ালয়ত লেডী জাষ্টিছৰ প্ৰতিমূৰ্তি সলনি কৰা হৈছে। চকুৰ পট্টি আঁতৰোৱাৰ উপৰিও প্ৰতিমূৰ্তিত সংবিধান স্থাপন কৰাৰ ধাৰণাও মুখ্য ন্যায়াধীশৰ। তেওঁৰ মতে, তৰোৱালখন আচলতে হিংসাৰ প্ৰতীক। কিন্তু আদালতে সংবিধান অনুসৰি বিচাৰ কৰে। কিন্তু পুৰণি মূৰ্তিৰ দৰে নতুন মূৰ্তিতো পাল্লা আছে।