NORTHEAST NOW (Assamese)

শিলসাঁকোৰ ৰাইজৰ ওপৰত বৰ্বৰ অত্যাচাৰ : বৃহৎ পুঁজিপতিৰ স্বাৰ্থত অসমীয়া মহিলাৰ কাপোৰ ফালিবলৈও কুন্ঠাবোধ নকৰিলে চৰকাৰে

November 12, 2025 8:25 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: November 12, 2025 6:19 pm

নিজৰ প্রাপ্য ভূমিৰ কাৰণে গণতান্ত্রিক আন্দোলন কৰা শিলসাঁকোৰ প্রতিবাদী ৰাইজৰ ওপৰত অসম আৰক্ষীৰ বৰ্বৰ আক্রমণক তীব্র ভাষাৰে নিন্দা কৰিছে ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতিয়ে।

এক প্ৰেছ বিবৃতি যোগে আহ্বায়ক কৃষ্ণ গগৈ, প্রণৱ দলে আৰু সুব্রত তালুকদাৰে কয় যে আজি শিলসাঁকোৰ প্রতিবাদকাৰীসকলৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাৰ গৃহ বিভাগৰ আৰক্ষীয়ে যি নিৰ্যাতন কৰিলে সেয়া অত্যন্ত দুৰ্ভাগ্যজনক।

কোনোবা বহিৰাগত বৃহৎ বণিয়াৰ স্বাৰ্থত তেওঁলোকৰ ঘৰ সমূহ নিৰ্মমভাবে ভাঙি পেলোৱাৰ পিছত চৰকাৰে তেওঁলোকক ক্ষতিপূৰণৰ আশ্বাস দিছিল যদিও আজিলৈ সেয়া হৈ নুঠিল।

তাৰ ফলত নিজৰ প্রাপ্য বিচাৰি প্রতিদিনেই আন্দোলনত নামিব লগা হৈছে শিলসাঁকোবাসী ৰাইজ। গণতান্ত্রিক আন্দোলনৰ ভাষা বুজি নোপোৱা অসম আৰক্ষীয়ে সভ্যতাৰ সকলো সীমা পাৰ কৰি মহিলা প্রতিবাদকাৰীৰ কাপোৰ পৰ্যন্ত ফালি পেলাইছে আৰু বৰ্বৰভাবে টানি চোচোৰাই নিছে।

আচলতে হিমন্ত বিশ্ব শৰ্মাৰ শাসনত এয়াই অসমীয়া মহিলাৰ সন্মান। বৃহৎ পুঁজিপতিৰ স্বাৰ্থত যিকোনো পৰ্যায়লৈ যাব পাৰে অসম চৰকাৰ আৰু আজি সেয়াই প্রমাণিত হ’ল।

ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতিয়ে আজিৰ ঘটনাৰ কাৰণে গৃহ বিভাগক ৰাজহুৱা ভাবে ক্ষমা খুজিবলৈ দাবী জনাইছে। লগতে শিলসাঁকোৰ ৰাইজক সম্পূর্ণ ক্ষতিপূৰণসহ বিকল্প ভূমিৰ ব্যৱস্থা কৰি দিবলৈ চৰকাৰৰ প্রতি আহ্বান জনাইছে।

Related News