NORTHEAST NOW (Assamese)

সংশোধিত য়ু এ পি এৰ অধীনত চৈয়দ চালাহুদ্দিন, চোটা চাকিলকে ধৰি ১৮ গৰাকী লোকক সন্ত্ৰাসবাদী ঘোষণা

October 27, 2020 5:15 pm · এন ই নাও নিউজ

কেন্দ্ৰীয় চৰকাৰে নতুনকৈ সংশোধিত বেআইনী কাৰ্য্যকলাপ প্ৰতিৰোধী আইন (য়ু এ পি এ)ৰ অধীনত ১৮ গৰাকী ব্যক্তিক সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰিছে।

কেন্দ্ৰীয় চৰকাৰে সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰা ১৮ গৰাকী ব্যক্তিৰ ভিতৰত হিজবুল মুজাহিদিনৰ প্ৰধান চৈয়দ চালাহুদ্দিন আৰু ইণ্ডিয়ান মুজাহিদিনৰ প্ৰতিষ্ঠাপক ৰিয়াজ ভাটকাল প্ৰধান।

চৈয়দ চালাহুদ্দিন আৰু ৰিয়াজ ভাটকালৰ উপৰিও আন্দাৰৱৰ্ল্ডৰ ড’ন ডাউড ইব্ৰাহিমৰ সহযোগি চোটা চাকিল আৰু টাইগাৰ মেন’নকো সন্ত্ৰাসবাদী হিচাপে ঘোষিত কৰা হৈছে।

সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰাৰ পাছতে এইসকল লোকৰ সকলো ধৰণৰ সম্পত্তি বাজেয়াপ্ত কৰা হ’ব।

উল্লেখযোগ্য যে, বিগত বৰ্ষত কেন্দ্ৰীয় চৰকাৰে বেআইনী কাৰ্য্যকলাপ প্ৰতিৰোধী আইনৰ সংশোধন কৰিছিল।

গৃহ মন্ত্ৰী অমিত শ্বাহে লোকসভা আৰু ৰাজ্যসভাত সংশোধিত বেআইনী কাৰ্য্যকলাপ প্ৰতিৰোধী বিধেয়ক উত্থাপন কৰিছিল।

Related News