NORTHEAST NOW (Assamese)

বংগত অভিষেক বেনাৰ্জীৰ বিৰুদ্ধে কঠোৰ চৰকাৰ, ১৭ টা সম্পত্তি ৭ দিনৰ ভিতৰত ভাঙি পেলোৱাৰ নিৰ্দেশ

May 19, 2026 9:07 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 19, 2026 9:08 pm

পশ্চিম বংগৰ ৰাজনীতি বৰ্তমান সময়ত সমগ্ৰ দেশতে চৰ্চাৰ বিষয় হৈ পৰিছে। এই সময়তে তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ সম্পত্তিৰ বিষয়টোৱে এক নতুন মোৰ লৈছে। কলকাতা পৌৰ নিগম চমুকৈ কেএমচিয়ে অভিষেক বেনাৰ্জীৰ সৈতে জড়িত ১৭ টা ঠিকনাত জাননী জাৰি কৰিছে। এই জাননীৰ জৰিয়তে পৌৰ নিগমে তেওঁৰ সম্পত্তিৰ নিৰ্মাণ সম্পৰ্কীয় যাৱতীয় নথি-পত্ৰ জমা দিবলৈ নিৰ্দেশ দিছে।

পৌৰ নিগমৰ ফালৰ পৰা জনোৱা হৈছে যে কেইবাটাও ভৱনত নিৰ্ধাৰিত মানচিত্ৰ বা নক্সাৰ বাহিৰে বেআইনীভাৱে নিৰ্মাণ কাৰ্য কৰাৰ অভিযোগ পোৱা গৈছিল। ইয়াৰ ওপৰত ভিত্তি কৰিয়েই নিগমে কলকাতা পৌৰ নিগম আইন ১৯৮০ ৰ ৪০০(১) ধাৰাৰ অধীনত এই ব্যৱস্থা গ্ৰহণ কৰিছে। জাননীত স্পষ্টকৈ কোৱা হৈছে যে যিবোৰ অংশ অনুমতি নোলোৱাকৈ বা নিৰ্ধাৰিত পৰিকল্পনাৰ বাহিৰত নিৰ্মাণ কৰা হৈছে, সেইবোৰ সাত দিনৰ ভিতৰত আঁতৰাই পেলাব লাগিব। যদি তেনে কৰা নহয়, তেন্তে সংশ্লিষ্ট পক্ষই উত্তৰ দিব লাগিব যে তেওঁলোকৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ কৰা নহ’ব।

पौৰ নিগমে এই জাননীত ভৱনৰ পৰিকল্পনাৰ অনুমোদন, অতিৰিক্ত নিৰ্মাণৰ অনুমতি আৰু লিফ্ট বা এস্কেলেটৰ আদিৰ দৰে সুবিধাৰ বাবে লোৱা অনুমতিৰ তথ্যও বিচাৰিছে। নিগমৰ তৰফৰ পৰা এইটোও স্পষ্ট কৰি দিয়া হৈছে যে যদি কোনো সন্তোষজনক উত্তৰ পোৱা নাযায়, তেন্তে নিগমে নিজেই সেই বেআইনী অংশসমূহ ভাঙি পেলাব আৰু ইয়াৰ বাবদ হোৱা সকলো খৰচ সম্পত্তিৰ মালিকৰ পৰা আদায় কৰা হ’ব।

যিবোৰ সম্পত্তিৰ বিৰুদ্ধে এই জাননী জাৰি কৰা হৈছে, সেইবোৰ হৰিশ মুখাৰ্জী ৰোড, কালীঘাট ৰোড, পণ্ডিৎয়া ৰোড, প্ৰেমেন্দ্ৰ মিত্ৰ সৰণি আৰু ওস্তাদ আমিৰ খান সৰণিৰ দৰে গুৰুত্বপূৰ্ণ স্থানত অৱস্থিত। ইয়াৰে কিছুমান সম্পত্তি অভিষেক বেনাৰ্জীৰ পৰিয়াল আৰু তেওঁলোকৰ কোম্পানী লিপ্স এণ্ড বাউণ্ডছ প্ৰাইভেট লিমিটেডৰ সৈতে জড়িত বুলি জানিব পৰা গৈছে। এই সম্পত্তিৰ কিছুমানৰ গৰাকী নিজে অভিষেক বেনাৰ্জী আৰু কিছুমানত তেওঁ অংশীদাৰ হিচাপে আছে।

আনহাতে এই সন্দৰ্ভত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়েও এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে। তেওঁ দাবী কৰা মতে তেওঁ বিষয়াসকলক অভিষেক বেনাৰ্জীৰ কোম্পানী লিপ্স এণ্ড বাউণ্ডছৰ সম্পত্তিৰ সকলো তথ্য প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিছিল। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে দাবী কৰে যে তেওঁৰ হাতত অভিষেক বেনাৰ্জীৰ ২৪ টা সম্পত্তিৰ সম্পূৰ্ণ তালিকা আছে। ইয়াৰে কিছুমান সম্পত্তি অভিষেক বেনাৰ্জীৰ নামত আছে আৰু আন কিছুমান তেওঁৰ পিতৃ আৰু কোম্পানীৰ নামত পঞ্জীয়নভুক্ত হৈ আছে। তেওঁ কয় যে বিজেপিয়ে দুৰ্নীতিৰ এই গোচৰসমূহৰ বিৰুদ্ধে আইনী পদ্ধতিৰে পদক্ষেপ আগবঢ়াই লৈ যাব।

ইয়াৰ উপৰি আন এক গুৰুত্বপূৰ্ণ ঘটনাত শুভেন্দু অধিকাৰীৰ পিএৰ হত্যাকাণ্ডৰ গোচৰত চিবিআইয়ে এক ডাঙৰ সফলতা লাভ কৰিছে। এই হত্যাকাণ্ডৰ সৈতে জড়িত থকা মূল শ্বুটাৰাজনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

Related News