NORTHEAST NOW (Assamese)
Popular Stories

ভেলেন্টাইন ডে’ৰ উপলক্ষ্যে বিনামূলীয়াকৈ ৯৫ মিলিয়ন কণ্ডম বিতৰণ কৰিব চৰকাৰে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 2, 2023 1:16 pm

আহি আছে প্ৰেমৰ দিন। ১৪ ফেব্ৰুৱাৰী অৰ্থাৎ ভেলেন্টাইন ডে। ভেলেন্টাইন ডে’ৰ উপলক্ষ্যে থাইলেণ্ডৰ চৰকাৰে লৈছে এক অভিনৱ পদক্ষেপ। ভেলেন্টাইন ডে’ৰ উপলক্ষ্যে দেশৰ খনৰ যুৱকযুৱতী তথা কিশোৰকিশোৰীৰ মাজত চৰকাৰে বিতৰণ কৰিছে ৯৫ মিলিয়ন কণ্ডম।

ভেলেন্টাইন ডেৰ দিনা সুস্থ যৌন সম্পৰ্কৰ গঢ়াৰ বাবেই থাইলেণ্ড চৰকাৰে এইদৰে বিতৰণ কৰিছে বিনামূলীয়া কণ্ডম। দেশখনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য সুৰক্ষা কাৰ্যালয়ৰ পৰা জনোৱা মতে যৌন সম্পৰ্কৰ দ্বাৰা হ’ব পৰা সংক্ৰমণ যেনে চিফিলিছ, গনোৰিয়া, ক্ল’মাইডিয়া, ছাৰ্ভাইকেল কেন্সাৰ, এইচ আই ভি, এইডছ আদিৰ সংক্ৰমণ ৰোধৰ বাবে কণ্ডম বিনামূলীয়াকৈ দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ লগতে যৌন সম্পৰ্কৰ ফলত অসুৰক্ষিত বা অনিচ্ছাকৃত গৰ্ভধাৰণ ৰোধৰ বাবে এইদৰে কণ্ডম বিতৰণ কৰিছে বুলি জনাইছে থাইলেণ্ডৰ স্বাস্থ্য বিভাগে।

থাইলেণ্ডৰ ৰাষ্ট্ৰীয় স্বাস্থ্য সুৰক্ষা কাৰ্যালয়ৰ সচিব প্ৰধান জাদেজ থাম্মাটাচাৰীয়ে জনোৱা মতে লুব্ৰিকেটিং জেলৰ সৈতে বিনামূলীয়া কণ্ডম বিতৰণ কৰা হ’ব।

যিসকল লোকে বিনামূলীয়াকৈ কণ্ডম লাভ কৰিব বিচাৰে তেওঁলোকে স্মাৰ্টফোনত ‘পাওটাং’ নামৰ এপ্লিকেশ্যনত নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব। উক্ত এপ্লিকেশ্যনত তেওঁলোকে কণ্ডম লাভ কৰিব পৰাকৈ নিৰ্দিষ্ট ঔষধৰ দোকান, কমিউনিটি ক্লিনিক বা চৰকাৰী স্বাস্থ্য কাৰ্যালয় বাছি ল’ব লাগিব।

উল্লেখ্য যে প্ৰতি বছৰে ভেলেন্টাইন ডে’ৰ সময়ত দেশখনত কম বয়সীয়া কিশোৰ কিশোৰীৰ মাজত হোৱা গৰ্ভধাৰণৰ ঘটনা তীব্ৰ ভাবে বৃদ্ধি পাই উঠে। খবৰ অনুসৰি থাইলেণ্ডত শেহতীয়া বছৰবোৰত এছটিডিৰ সংখ্যা বৃদ্ধি পাইছে। ২০২১ চনৰ আধাতকৈ অধিক এছটিডি ৰোগীয়েই ভুগিছে চিফিলিছ আৰু গনোৰিয়া ৰোগত। এই ৰোগত আটাইতকৈ বেছি আক্ৰান্ত হৈছে ১৫ ৰ পৰা ২৪ বছৰৰ ভিতৰৰ কিশোৰকিশোৰী আৰু যুৱকযুৱতীসকল।

সেয়েহে ভেলেন্টাইন ডে’ৰ উপলক্ষ্যে থাইলেণ্ড চৰকাৰে স্বাস্থ্য বিভাগৰ আঁচনি ৰূপায়ন কৰি এই দৰে সকলোৰে বাবে বিনামূলীয়া কণ্ডম বিতৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে।