NORTHEAST NOW (Assamese)

বন্ধ হৈ গ’ল জিপিএছ ! ছৌদি আৰৱৰ মৰুভূমিত বাট হেৰুৱাই শোকাবহ মৃত্যু ভাৰতীয় যুৱকৰ

August 25, 2024 3:13 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

চকুৰে চোৱালৈকে দেখা পায় মাথোঁ বালি আৰু বালি। মূৰত সূৰ্যটো জিলিকি আছিল। ক’তো পানী এটোপালো পাবলৈ নাই। ছৌদি আৰৱৰ নিৰ্জন ৰাব আল খালী মৰুভূমিত এই পৰিস্থিতিত প্ৰাণ হেৰুৱালে এজন ভাৰতীয় যুৱকে। তেওঁৰ লগত আছিল এজন সহকৰ্মী।বহু বিচাৰ-খোচাৰৰ অন্তত অৱশেষত দুয়োজন নিৰুদ্দিষ্ট লোকৰ দুয়োটা মৃতদেহ উদ্ধাৰ কৰা হয়।

মৃত লোকজনৰ নাম মহম্মদ শ্বাহজাদ খান। তেওঁৰ ঘৰ তেলেংগানাৰ কৰিমনগৰত। যোৱা তিনি বছৰ ছৌদি আৰবত কাম কৰিছিল। তাতে তেওঁ এটা টেলিকমিউনিকেচন কোম্পানীত কৰ্মৰত। ছৌদি আৰৱৰ ৰাব আলী খালী মৰুভূমিত হেৰাই গ’ল তেওঁ। ৬৫০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই মৰুভূমি বিশ্বৰ আটাইতকৈ বিপজ্জনক অঞ্চল হিচাপে পৰিচিত। চৌদি আৰৱৰ দক্ষিণ অংশৰ পৰা আশে-পাশে থকা দেশৰ কিছু অংশলৈ মৰুভূমি বিয়পি পৰিছে। দিনৰ তাপমাত্ৰা প্ৰায় ৫০ ডিগ্ৰী চেলছিয়াছ।

এটা বিশেষ কামত শ্বাহজাদ ৰাব আল খালি মৰুভূদিলৈ গ’ল। সহকৰ্মী এজন তেওঁৰ লগত আছিল। তেওঁ চুডানৰ বাসিন্দা। মৰুভূমিত মোবাইল জিপিএছ চিগনেল সঠিকভাৱে কাম কৰা নাছিল। ফলত তেওঁলোকে ক’ত আছে সেয়া বুজি নাপালে। বহু দিশত বিপদে ঘেৰি ধৰিছিল শ্বাহজাদক।ইফালে মোবাইলৰ বেটাৰীও শেষ হৈ যায়। ফলত তেওঁ কাকো সহায়ৰ বাবে মাতিব নোৱাৰিলে। ইফালে গাড়ীৰ ইন্ধন শেষ হৈ যায়। ইয়াৰ পাছত খাদ্য আৰু খোৱাপানী শেষ হৈ গ’ল। আনহাতে দিনৰ ভাগত ক্ৰমান্বয়ে উষ্ণতা বৃদ্ধি পায়। এই চৰম বতৰ আৰু পৰিস্থিতিৰ বিৰুদ্ধে দুয়োজনে আৰু যুঁজিব নোৱাৰিলে। প্ৰয়োজনীয় লজিষ্টিকৰো অভাৱ আছিল। গতিকে শ্বাহজাদ আৰু তেওঁৰ সংগীৰ মৃত্যু হ’ল। চাৰিদিন পাছত যোৱা বৃহস্পতিবাৰে গাড়ীখনৰ পৰা উদ্ধাৰ হয় দুটা মৃতদেহ। বালিৰ ওপৰত দুটা নিথৰ মৃতদেহ পৰি আছিল।

Related News