NORTHEAST NOW (Assamese)
Popular Stories

অন্ত পৰিল অম্বুবাচীৰ মহাযোগ, ভক্তগণৰ বাবে মুকলি হ’ল মা কামাখ্যা ধামৰ দুৱাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 26, 2025 11:29 am
অন্ত পৰিল অম্বুবাচীৰ মহাযোগ, ভক্তগণৰ বাবে মুকলি হ’ল মা কামাখ্যা ধামৰ দুৱাৰ

নীলাচল পাহাৰত সামৰণি পৰিল অম্বুবাচীৰ মহাযোগৰ। পুৱাৰ ৩ বজাত নিবৃত্তি হল অম্বুবাচীৰ।

দেৱীক স্নানৰ পাছতে আৰম্ভ হল নিত্য পূজা-অৰ্চনা আৰু ভক্তৰ বাবে খোল খালে মা কামাখ্যাৰ দুৱাৰ।

মা কামাখ্যাৰ আশিস লবলৈ নীলাচলত অগণন ভক্তৰ ভিৰ দেখা গ’ল।

যোৱা ২২ জুনৰ পৰা বন্ধ হৈ আছিল মা কামাখ্যাৰ দুৱাৰ।

আজি মা কামাখ্যাত উপস্থিত হৈ আশিস ললে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই।