মেট্ৰিক পৰীক্ষাৰ ফলাফলক কেন্দ্ৰ কৰি গোলাঘাটৰ খ্ৰীষ্টিয়ান হাইস্কুলত হুলস্থুলীয়া পৰিবেশ
ৰাজ্যজুৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ বিতৰ্কৰ সূচনা হোৱাৰ মাজতে গোলাঘাটতো চহৰখনৰ অন্যতম শিক্ষানুষ্ঠান খ্ৰীষ্টিয়ান হাইস্কুলত এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হ’য়।
খৱৰ অনুসৰি সদ্য ঘোষণা হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মূল্যাংকনৰ বিসংগতিক কেন্দ্ৰ কৰি অভিভাৱক আৰু একাংশ ছাত্ৰী-ছাত্ৰীয়ে বিদ্যালয় খনক দোষাৰোপ কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে।
বৃহস্পতিবাৰে পুৱাৰে পৰা একত্ৰিত হোৱা অভিভাৱক আৰু ছাত্র- ছাত্ৰী সকলৰ অভিযোগ যে বিগত সময়ছোৱাত শৈক্ষিক দিশত ভাল ফলাফল দেখুওৱা একাংশ ছাত্ৰ-ছাত্ৰীক বিসংগতিপূৰ্ণ মূল্যাংকণৰ জৰিয়তে অনুত্তীৰ্ণ কৰাইছে বিদ্যালয়খনৰ শিক্ষাগুৰু সকলে।
সেই অনুসৰি মুঠ ২৩ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ১৫ গৰাকীয়ে অনুত্তীৰ্ণ হৈছে বিদ্যালয়খনত।
সেই লৈ শিক্ষক সকলে মূল্যাংকন ব্যৱস্থা সম্পৰ্কে সৱিশেষ জনোৱাৰ কথা কৈ এজনো শিক্ষক বিদ্যালয়ত উপস্থিত নথকাত অভিভাৱকসকল উত্তেজিত হৈ পৰে।
ইফালে বিদ্যালয়ৰ প্ৰধান শিক্ষক গৰাকীও আঁতৰি থকাৰ অভিযোগ তুলিছে অভিভাৱকসকলে।