NORTHEAST NOW (Assamese)
দেশ

মুছলমান লোকক খুঁটাত বান্ধি প্ৰহাৰ কৰা চাৰি সাম্প্ৰদায়িক আৰক্ষীক শাস্তি গুজৰাট উচ্চ ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 21, 2023 8:00 am

একাংশ মুছলমান লোকক খুঁটাত বান্ধি ৰখাৰ অভিযোগত গুজৰাট উচ্চ ন্যায়ালয়ে চাৰিজন আৰক্ষীক শাস্তি প্ৰদান কৰিছে। 

 পূজাৰ গৰ্বা অনুষ্ঠানৰ সময়ত শিলগুটি নিক্ষেপ কৰাৰ সন্দেহত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে একাংশ মুছলমান লোকক। তাৰ পাছত চাৰিওজন পুলিচে ভিৰ বজাৰৰ এটা খুঁটাত বান্ধি তেওঁলোকক মাৰপিট কৰে। 

বৃহস্পতিবাৰে গুজৰাট উচ্চ ন্যায়ালয়ে আৰক্ষী চাৰিজনক সেই অপৰাধৰ বাবে ১৪ দিনৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। 

২০২২ চনৰ ৪ অক্টোবৰত গুজৰাটৰ খেৰা জিলাৰ উন্ধেলা গাঁৱত গাৰ্বা অনুষ্ঠানৰ সময়ত শিলগুটি নিক্ষেপ কৰাৰ সন্দেহত স্থানীয় আৰক্ষীয়ে একাংশ মুছলমান লোকক গ্ৰেপ্তাৰ কৰিছিল। তাৰ পিছত ৰাজহুৱা স্থানত থিয় কৰাই খুঁটাত বান্ধি বহু পথচাৰীৰ সন্মুখত তীব্ৰ প্ৰহাৰ কৰে।  অৱশেষত আদালতে সেই ঘটনাৰ অভিযুক্ত চাৰিজন আৰক্ষীক দোষী সাব্যস্ত কৰে। 

গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এ এছ ছুপেহিয়াৰ নেতৃত্বত গঠিত বিচাৰপীঠে অভিযুক্ত আৰক্ষী জোৱানসকলৰ ক্ষমাপ্ৰাৰ্থনা নাকচ কৰি কয় যে, “এনে অপৰাধত ৰেহাই দিয়া মানে হৈছে অপৰাধক সহ্য কৰা।”