NORTHEAST NOW (Assamese)

ৰাজ্য কপাঁই যোৱা ডাঃ দেৱেন দত্ত হত্যাকাণ্ডৰ দোষীৰ শাস্তি হ্ৰাস গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

July 30, 2025 8:00 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: July 30, 2025 7:16 pm

অসম কপাঁই যোৱা ডাঃ দেৱেন দত্তৰ হত্যাৰ গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰদান কৰিলে নতুন নিৰ্দেশনা। হ্ৰাস পালে ডাঃ দেৱেন দত্তৰ হত্যাৰ প্ৰাণহানিৰ ঘটনাৰ দোষীৰ শাস্তি।

মৃত্যুদণ্ড, যাৱজ্জীৱন কাৰাদণ্ডৰ পৰা ১০ বছৰ কাৰাবাসলৈ হ্ৰাস পালে দোষীৰ শাস্তি। গুৱাহাটী উচ্চ ন্যায়ালয়ে দিলে এই নতুন নিৰ্দেশনা।

ন্যায়াধীশ সঞ্জয় কুমাৰ মেধিৰ পীঠে দিলে এই নিৰ্দেশনা। ২০১৯চনত যোৰহাট জিলা আৰু সত্ৰ আদালতে দিছিল ৰায়।

২০১৯চনত এজনক মৃত্যুদণ্ড, ২৪জনক যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছিল এই গোচৰত।

উল্লেখ্য যে, ২০১৮ত টীয়কৰ এখন চাহ বাগিচাত সংঘটিত হৈছিল সেই জঘন্য ঘটনা। বাগিচাৰ শ্ৰমিকৰ আক্ৰমণত প্ৰাণ গৈছিল চিকিৎসক ডাঃ দেৱেন দত্তৰ।

Related News