NORTHEAST NOW (Assamese)

জ্যেষ্ঠ সাংবাদিক ৰাণা ডেকাক হত্যাৰ ভাবুকি দিয়া কাৰ্যক গুৱাহাটী প্ৰেছ ক্লাবৰ তীব্ৰ গৰিহণা

November 21, 2025 8:33 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: November 21, 2025 8:35 pm

২১ নৱেম্বৰ,২০২৫:- এগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়াই প্ৰতিবাদী ৰাইজৰ ওপৰত কৰা নিৰ্মম ভাৱে প্ৰহাৰৰ বাতৰি সংগ্ৰহ আৰু পৰিবেশনৰ বাবেই পাঠশালাৰ জ্যেষ্ঠ সাংবাদিক ৰাণা ডেকাক সেই গৰাকী আৰক্ষী বিষয়াৰ পিতৃ- যি নিজেও এগৰাকী উচ্চ পদস্থ প্ৰশাসনিক বিষয়া আছিল-হিতেশ দেৱ শৰ্মাই ভাবুকি দিছে।

সেই ভাবুকিৰ প্ৰমাণ ইতিমধ্যে আমাৰ হাততো আহি পৰিছে। হিতেশ দেৱ শৰ্মাই যি অভিযোগ কৰি ৰাণা ডেকাক ভয় ভাবুকি প্ৰদান কৰিছে-আমি ভাবো যে সংবাদ জগতৰ ওপৰত ই এক পৰিকল্পিত আক্ৰমণ। হিতেশ দেৱ শৰ্মাই ৰাণা ডেকাৰ বিৰুদ্ধে প্ৰতিবাদী ৰাইজক উচটনি দিয়াৰ অভিযোগ আনিছে। তদুপৰি সাংবাদিক গৰাকীয়ে সংগ্ৰহ কৰা visuals সংবাদ প্ৰতিষ্ঠানটোৱে morph কৰা বুলিও অভিযোগ কৰিছে। এই দুটা অভিযোগ উত্থাপন কৰি হিতেশ দেৱ শৰ্মাই ৰাণা ডেকাক “গাড়ীৰে খুন্দিয়াই মাৰিলে কি হ’ব…”, তেওঁৰ “৮ বছৰীয়া সন্তানৰ কিবা হ’লে কি হ’ব…” ইত্যাদি কথাৰে স্পষ্টৰূপত হত্যাৰ ভাবুকি দিছে।

এই কাৰ্যক গুৱাহাটী প্ৰেছ ক্লাৱে তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ। দেখা গৈছে যে একাংশ হতাশগ্ৰস্ত আমোলা- যাৰ কৰ্ম জীৱনত আমি কেৱল অকৰ্মণ্যতাই দেখিছোঁ, তেওঁলোকেই বিভিন্ন সময়ত সাংবাদিকক লক্ষ্য কৰি লৈছে। ইতিমধ্যে ৰাণা ডেকাই এই সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছে। আমি চৰকাৰ আৰু আৰক্ষী প্ৰশাসনৰ ওপৰত দাবী উত্থাপন কৰোঁ যে এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত হ’ব লাগে আৰু দোষী যিমানেই শক্তিশালী নহওঁক কিয় তেওঁক শীঘ্ৰেই কৰায়ত্ব কৰি আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰক।

একে সময়তে আমি ৰাণা ডেকা আৰু তেওঁৰ পৰিয়ালৰ সদস্য সকলৰ সুৰক্ষাক লৈয়ো যথেষ্ট উদ্বিগ্ন আৰু চিন্তিত হৈছো। আমি সাংবাদিকসকলে কোনো দিনাই নিজকে আইনৰ উৰ্ধত বুলি ভবা নাই; মাত্ৰ আমি আমাৰ দায়িত্বহে পালন কৰিছো। দায়বদ্ধতা আৰু সত্যনিষ্ঠাৰে কৰ্তব্য পালন কৰা সাংবাদিকক ভাবুকি প্ৰদান কেতিয়াও গ্ৰহণযোগ্য নহয়।

Related News