NORTHEAST NOW (Assamese)

পদপিষ্ট হোৱা ঘটনাস্থলীৰ পৰা পলায়ন কৰাৰ বাবে অভিনেতা বিজয়ক ভৰ্ৎসনা উচ্চ ন্যায়ালয়ৰ

October 4, 2025 5:52 pm · এন ই নাও নিউজ, গুৱাহাটী

তিনি অক্টোবৰ, শুকুৰবাৰে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে তামিলনাডুৰ কাৰুৰত অনুষ্ঠিত হোৱা তামিলাগা ভেট্ৰি কাঝাগামৰ সমদলত হোৱা পদপিষ্ট কাণ্ডৰ ঘটনাস্থলীৰ পৰা অভিনেতা বিজয়ক পলায়ন কৰা বাবে তীব্ৰ সমালোচনা কৰে।

উল্লেখ্য যে যোৱা ২৭ ছেপ্টেম্বৰত টিভিকেৰ সমদলত সংঘটিত হোৱা পদপিষ্ট কাণ্ডৰ ফলত ৪১ জন লোকৰ মৃত্যু হয়।

বাৰ এণ্ড বেঞ্চৰ প্ৰতিবেদন অনুসৰি ন্যায়াধীশ এন চেন্থিলকুমাৰে কয় যে আদৰ্শগতভাৱে তামিলাগা ভেট্ৰি কাঝাগামে পদপিষ্টৰ দৰে ভয়াৱহ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ তাৎক্ষণিক উদ্ধাৰ আৰু সাহায্যৰ প্ৰচেষ্টা হাতত ল’ব লাগিছিল।

আদালতে আৰু কয় যে তামিলাগা ভেট্ৰি কাঝাগামে এই কাণ্ডক লৈ দুখ প্ৰকাশ কৰাত কোনো “দায়বদ্ধতা প্ৰদৰ্শন কৰা নাই, যিয়ে দলটোৰ মানৱ জীৱন আৰু ৰাজহুৱা দায়িত্বৰ প্ৰতি তেওঁলোকৰ অৱজ্ঞাক প্ৰতিফলিত কৰে।

উল্লেখযোগ্য যে বিজয়ে ৩০ ছেপ্টেম্বৰত এক্সত এটা ভিডিঅ বিবৃতি আপলোড কৰিছিল, যত তেওঁ এই কাণ্ডক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছিল আৰু ৰাজ্য চৰকাৰক তামিলাগা ভেট্ৰি কাঝাগামৰ কৰ্মীৰ বিৰুদ্ধে কোনো ধৰণৰ “প্ৰতিশোধ নলবলৈ আহ্বান জনাইছিল।

অৱশ্যে নিজৰ আদেশত ন্যায়াধীশ কুমাৰে কঠোৰভাৱে কয় যে কাৰুৰ সমাৱেশৰ আয়োজন কৰা টিভিকেৰ নেতৃত্ব আৰু সদস্যসকলে এই ভয়ানক কাণ্ড সংঘটিত হোৱাৰ সময়ত ঘটনাস্থলী এৰি যোৱা দেখা গৈছিল।

আদালতে কয় যে, “তামিলাগা ভেট্ৰি কাঝাগামৰ নেতাকে ধৰি অনুষ্ঠানটোৰ আয়োজকসকলে নিজৰ কৰ্মী, অনুগামী আৰু সমৰ্থকসকলক এৰি সভাস্থলীৰ পৰা পলায়ন কৰাটো আশ্চৰ্যকৰ। ইয়াত কোনোধৰণৰ অনুশোচনা, কোনো দায়িত্ববোধ, আৰু কোনো দুখ প্ৰকাশ হোৱা নাই।”

Related News