NORTHEAST NOW (Assamese)

কন্যাৰ ন্যায় নাপাই মাতৃ বুধনী প্ৰজাই কৰা আত্মহত্যাৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ জগৰীয়া : আপ

April 28, 2023 4:06 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 28, 2023 4:52 pm

হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত অসমৰ কন্যা শিশু, নাবালিকা, যুৱতী আৰু মহিলা যে তিলমানো সুৰক্ষিত নহয়, শেহতীয়াকৈ তিনিচুকীয়াৰ কাটানী গাঁৱত হোৱা এলানি দুখজনক ঘটনাই উদঙাই দিছে। এগৰাকী ১৩ বছৰীয়া কিশোৰীক সমুন্দ্ৰ ৰায় লিম্বু নামৰ বিজেপিৰ গাঁও পঞ্চায়তৰ সভাপতিয়ে মানসিক আৰু শাৰীৰিক নিৰ্যাতনৰ লগতে বলাৎকাৰ কৰাৰ পাছতো অভিযুক্তজনৰ বিৰুদ্ধে কোনো আইনী ব্যৱস্থা নোলোৱা কাৰ্যক আম আদমি পাৰ্টীয়ে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।

আপৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি দলৰ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই বিজেপি চৰকাৰ সমালোচনা কৰি কয় যে বেটী বাচাও, বেটী পঢ়াওৰ দৰে শুনিবলৈ ভাল লগা শ্লগান দি ক্ষমতা দখল কৰা বিজেপি চৰকাৰৰ দিনত মহিলাৰ সুৰক্ষাৰ বাবে চৰকাৰে কৰিবলগীয়া নূন্যতম দায়িত্বখিনিও পালন কৰা নাই।

যোৱা ২১ মাৰ্চতে ভুক্তভোগী পৰিয়ালটোৱে বৰডুবি থানাত এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে অপৰাধীৰ বিৰুদ্ধে কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল। নাবালিকা কন্যাৰ ন্যায় নাপাই মাতৃ বুধনী প্ৰজাই ৰঙালী বিহুৰ দিনাই আত্মহত্যা কৰিবলৈ বাধ্য হল।

একেখন ঘৰতে দুটাকৈ দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হোৱাৰ পাছতো বিজেপি চৰকাৰৰ গা লৰা নাই। দুৰ্ভগীয়া পৰিয়ালটোৰ ন্যায়ৰ হকে আম আদমি পাৰ্টীয়ে মাত মাতি যাব। ভুক্তভোগী পৰিয়ালটোক চৰকাৰে সাহায্য দিয়াৰ লগতে কিশোৰীগৰাকীৰ ভৰণ-পোষণৰ সমস্ত দায়িত্ব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে লবই লাগিব। অন্যথা আম আদমি পাৰ্টীয়ে ইয়াৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিব বুলি হুংকাৰ দিছে সংগঠনটোৱে।

Related News