NORTHEAST NOW (Assamese)

কাচদহাত ম’ডেল বি টি চিৰ নগ্নৰূপ : জৰাজীৰ্ণ অৱস্থাত দক্ষিণ কাচদহাৰ পথ, কালভাৰ্ট

October 3, 2018 6:48 am · ইয়াছিন আলী
ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে উন্নয়নৰ ফোপোলা স্বৰূপ দেখা গৈছে চিৰাং জিলাৰ বিজনী মহকুমা তথা মাণিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত দক্ষিণ কাচদহা গাৱঁতো|
বি টি চিৰ চাৰিখন জিলা লৈ সদায় ম’ডেল বি টি চিৰ সপোন দেখুৱাই থকা ৰাজ্যৰ শাসনাধিষ্ঠিত পৰিৱৰ্তনকামী চৰকাৰৰ অন্যতম অংশীদাৰ বি পি এফ দলৰ দৃষ্টিগোচৰ হোৱা নাই দীৰ্ঘদিন ধৰি ভগ্ন আৰু জৰাজীৰ্ণ অৱস্থাত থকা কালভাৰ্ট আৰু দক্ষিণ কাচদহা তিনি আলিৰ পৰা ভাণ্ডাৰা সংলগ্ন পথটো |
যোৱা কেইমাহ মান আগত বানপানীৰ ফলত ৰাস্তাটোৰ দুই তৃতীয়াংশ ভাগি প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাত গাওঁবাসীয়ে দীৰ্ঘদিন ধৰি জীয়াতু ভুগি আহিছে।
পথটোৰে দিনত যেন-তেন কৰি অহা-যোৱা কৰি থাকিলেও ৰাতি এই গাঁতবোৰত পৰি পথচাৰী দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ সম্ভাৱনা প্ৰৱল| গাওঁবাসীয়ে ক্ষোভ উজাৰি কয় যে দীৰ্ঘদিন ধৰি দক্ষিণ কাচদহা তিনি আলিৰ পৰা ভাণ্ডাৰা সংলগ্ন ৰাস্তাটোত শিল নেপেলোৱাত এজাক বৰষুণতে কদৰ্যময় হৈ পৰে। স্থানীয় ৰাইজে স্থানীয় বিধায়ক আৰু এম চি এল এৰ দাবী জনাইছে যাতে
এই পথটো আৰু ইয়াৰ ওপৰত থকা কালভাৰ্ট অতি শীঘ্ৰে নিৰ্মাণ কৰি দিয়ে।

Related News