NORTHEAST NOW (Assamese)
অসম

কংগ্ৰেছৰ সভাত ভানুক শিলগুটি নিক্ষেপ কৰা ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ ৰিপুন বৰাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 21, 2019 2:28 pm

লোকসভাৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰ হৈ পৰাৰ সময়তে শনিবাৰে সন্ধিয়া শুৱালকুছিৰ এখন নিৰ্বাচনী সভাত প্ৰাক্তন আমোলা তথা কংগ্ৰেছ নেতা এম জি ভি কে ভানুৰ গালৈ অচিনাক্ত দুৰ্বৃত্তই শিলগুটি নিক্ষেপ কৰা ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই।

সভাপতি ৰিপুন বৰাই এই কাণ্ডত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে জালুকবাৰী, শুৱালকুছি আদি অঞ্চলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভেটি উছন হৈছে। ফলত তেওঁ হতাশাগ্ৰস্ত হৈ ভেৰোণীয়া গুণ্ডাৰ দ্বাৰা এই কাৰ্য সংঘটিত কৰায়।

তাৰোপৰি সভাপতিগৰাকীয়ে কয় যে শেহতীয়াকৈ ভানুৰ জনসাধাৰণৰ মাজত জনপ্ৰিয়তা বৃদ্ধি পাইছে। গতিকে হিমন্তৰ গুণ্ডাবাহিনীয়ে ভয়-ভাবুকিৰে ভানুক দমন কৰাৰ চেষ্টা চলাইছে। লগতে এই কাৰ্যৰ দ্বাৰা গণতন্ত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে বুলিও মন্তব্য কৰে।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৰাকীয়ে অতি শীঘ্ৰে দোষী ব্যক্তিক কৰায়ত্ত কৰি কঠোৰ শাস্তি দিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে।