NORTHEAST NOW (Assamese)
Popular Stories

উৰিষ্যাৰ ৰে’ল দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত সকললৈ সহায়ৰ হাত আগবঢ়ালে ভাৰতৰ ফুটবল দলে, দুখ প্ৰকাশ কৰিয়েই ক্ষান্ত থাকিল ক্ৰিকেট দল

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 19, 2023 6:51 pm

দেওবাৰে সুনীল ছেত্ৰীৰ নেতৃত্বত ভাৰতীয় ফুটবল দলে লেবাননক ২-০ গ’লত পৰাস্ত কৰি দ্বিতীয়টো আন্তঃমহাদেশীয় কাপৰ খিতাপ দখল কৰে। 

নৌৰেম মহেশ, নিখিল পূজাৰী, লালৰিঞ্জুৱালা চাংগটৰ অসাধাৰণ দক্ষতাই ভাৰতীয় ফুটবল প্ৰেমীৰ হৃদয় জয় কৰিছে। আনহাতে ফাইনেলত দুৰ্দান্ত গ’লেৰে অধিনায়ক সুনীল ছেত্ৰী হৈ পৰে মেচখনৰ নায়ক।

উৰিষ্যাৰ মাটিত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখনত জয়লাভ কৰাৰ পিছত মুখ্যমন্ত্ৰী নবীন পাটনায়কে ভাৰতীয় দলটোক এই জয়ৰ বাবে অভিনন্দন জনাই এক কোটি টকাৰ আৰ্থিক পুৰস্কাৰ দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে।

ঘোষণাৰ সময়ত পাটনায়কে কয়, ‘আমাৰ ৰাজ্যৰ বাবে এই সন্মানীয় আন্তঃমহাদেশীয় কাপ প্ৰতিযোগিতাখন আয়োজন কৰাটো অতি গৌৰৱৰ বিষয়। এই প্ৰতিযোগিতাত জয়ৰ বাবে ভাৰতীয় দললৈ অভিনন্দন। আমাৰ লক্ষ্য হৈছে উৰিষ্যাত ফুটবলৰ অধিক অনুষ্ঠান আয়োজন কৰা আৰু ভাৰতত এই খেলবিধৰ বিকাশত সহায় কৰা।”

মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পিছতে ভাৰতৰ অধিনায়ক সুনীল ছেত্ৰীয়ে পুৰস্কাৰ লাভ কৰা এক কোটিৰ টকাৰ পৰা ২০ লাখ টকা উৰিষ্যত গুৰুতৰভাবে ক্ষতিগ্ৰস্ত হোৱা পৰিয়াল কেইটালৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰে।

ভাৰতীয় দলটোৱে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে, “জয়ৰ পাছত দলটোক নগদ ধন উপহাৰ দিয়াৰ বাবে আমি উৰিষ্যা চৰকাৰৰ প্ৰতি কৃতজ্ঞ। ড্ৰেছিং ৰুমত লোৱা তাৎক্ষণিক আৰু সামূহিক সিদ্ধান্তৰ অনুসৰি আমি সেই ধনৰ ২০ লাখ টকা চলিত মাহৰ আৰম্ভণিতে ৰাজ্যত সংঘটিত হোৱা দুৰ্ভাগ্যজনক ৰে’ল দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সাহায্য আৰু পুনৰ সংস্থাপনৰ বাবে আগবঢ়াব বিচাৰিছোঁ।”

ইয়াৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলৰ বহু তাৰকাই ব্যক্তিগতভাৱে এই দুৰ্ঘটনাক লৈ দুখ প্ৰকাশ কৰিছিল যদিও কোনেও ডাঙৰকৈ সহায় কৰা নাছিল। যুজবেন্দ্ৰ চাহাল, বীৰেন্দ্ৰ শ্বেহৱাগৰ দৰে বৰ্তমানৰ আৰু প্ৰাক্তন ক্ৰিকেটাৰ কেইজনমানে ব্যক্তিগতভাৱেহে সহায়ৰ হাত আগবঢ়াইছিল। কিন্তু ভাৰতীয় ক্ৰিকেট টীমটোৱে এই ঘটনাৰ ভুক্তভোগীসকলৰ বাবে কোনোধৰণৰ দলীয় সাহায্য আগবঢ়োৱা নাছিল।

সেয়ে এতিয়া ভাৰতৰ আটাইতকৈ জনপ্ৰিয় ক্ৰীড়া দলটোক লৈ প্ৰশ্ন উত্থাপন হৈছে যে যদি ভাৰতীয় ফুটবল দলে দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত সকললৈ সাহাৰ্য আগবঢ়াব পাৰে তেন্তে কিয় সম্ভ্ৰান্ত ক্ৰিকেট দলটোৱে সাহায্য আগবঢ়োৱাৰ কথা নাভাবিলে!