NORTHEAST NOW (Assamese)

পুনৰ অশান্ত হৈ উঠিব নেকি লাডাখৰ ভাৰত-চীন সীমান্ত! : দুই দেশৰ মাজত আৰম্ভ বাক বিতণ্ডা

June 26, 2020 5:21 pm · এন ই নাও নিউজ
Updated: June 26, 2020 5:33 pm

ভাৰত আৰু চীনৰ মাজৰ ৰাজনৈতিক আৰু কূটনৈতিক সম্পৰ্ক আৰু অৱনতি ঘটিছে নেকি!

কালি অনুষ্ঠিত ভাৰত চীনৰ মাজৰ ৰুদ্ধদ্বাৰ ভিডিঅ’ বৈঠকে ইয়াৰ ইঙ্গিত বহন কৰিছে নেকি! তাকেলৈ ব্যাপক চৰ্চা হৈছে কূটনৈতিক মহলত।

উল্লেখ্য যে, কালি অনুষ্ঠিত ভাৰত চীনৰ মাজৰ ৰুদ্ধদ্বাৰ ভিডিঅ’ বৈঠক যথেষ্ট উত্তপ্ত হোৱা বুলি দাবী কৰিছে ভাৰতৰ কূটনৈতিক সূত্ৰই।

ইতিমধ্যে ইয়াৰ বৰ্হিপ্ৰকাশো ঘটিছে দুই দেশৰ ৰাজনৈতিক বক্তব্যসমূহত।

ভাৰতৰ ৰাজধানী নতুন দিল্লীস্থিত চীনৰ ৰাষ্ট্ৰদূতে কৌশলপূৰ্ণভাৱে সকলো দোষ জাপি দি আজি ভাৰতলৈ আঙুলি টুৱাই এই ইঙ্গিতকে প্ৰদান কৰিছে।

কূটনৈতিক সূত্ৰটোৰ মতে, দুয়ো পক্ষই প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ যুযুধান পৰিস্থিতিৰ পৰা সামৰিক বাহিনীক প্ৰত্যাহাৰ কৰিলেও গালৱান উপত্যকাৰ পৰা চীন সৈন্যই নিজৰ কব্জা ইমান সহজে এৰি নিদিব!

ভাৰতৰ অভিযোগ, চীনে একপক্ষীয়ভাৱে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সীমান্ত চুক্তি ভংগ কৰি আহিছে। মে’ মাহতেই সেই অঞ্চলত চীনে বিপুল পৰিমাণৰ সেনা মোতায়েন কৰিছে।

ইফালে চীনৰ ৰাষ্ট্ৰদূত গৰাকীয়ে নতুন দিল্লীত এক সাক্ষাৎকাৰত অভিযোগ কৰি কয় যে, “ভাৰতৰ আচৰণ দ্বিপাক্ষিক চুক্তিৰ বাবে সঙ্গতিপূৰ্ণ নহয়।”

আনকি গালৱান সংঘৰ্ষত চীনৰ ৪৩ জন সেনা নিহত হোৱা বুলি চীনৰ চৰকাৰী সংবাদ মাধ্যমে দাবী কৰি আহিলেও ৰাষ্ট্ৰদূত গৰাকীয়ে এই সম্পৰ্কত কৰা এক মন্তব্যই ৰহস্যৰ সৃষ্টি কৰিছে।

ৰাষ্ট্ৰদূতগৰাকীৰ মতে গালৱান উপত্যকাত চীনা সৈন্য মৃত্যু হ’লেও সেই সংখ্যা ভাৰতকৈ বেছি নহয়।

উল্লেখ্য যে, গালৱান উপত্যকাৰ ৰক্তক্ষয়ী সংঘৰ্ষত ২০ জন ভাৰতীয় সেনাৰ মৃত্যু হৈছিল।

কূটনৈতিক সূত্ৰটোৱে আৰু কয়, কালি ভাৰত-চীনৰ মাজত অনুষ্ঠিত ৱৰ্কিং মেকানিজিম ফৰ কনচাল্টশ্যন এণ্ড ক’অৰ্ডিনেশ্যন(WMCC)ৰ বৈঠকত চীনে ভাৰতক দ্বিপাক্ষিক চুক্তি উলংঘন কৰা বুলি অভিযোগ কৰে।

আনকি লাডাখৰ গালৱান উপত্যকাৰ সংঘাতৰ বাবে ভাৰতকে জগৰীয়া কৰিছে চীনে।

একে সময়তে চীনৰ প্ৰতিৰক্ষা আৰু বৈদেশিক মন্ত্ৰালয়ে বিবৃতিৰ যোগে ১৫ জুনৰ গালৱান উপত্যকাৰ ৰক্তক্ষয়ী সংঘৰ্ষৰ সন্দৰ্ভত ভাৰতে ভুৱা প্ৰচাৰ কৰা বুলিও দাবী কৰিছে। যিটোৱে কূটনৈতনিক তাৎপৰ্য বহন কৰিছে।

কালিৰ WMCCৰ বৈঠকৰ সময়ত বৈদেশিক মন্ত্ৰালয়ৰ এক সূত্ৰই কয়, “সেনাক পিছুৱাই অনাৰ যি কথা ভবা হৈছে সেই প্ৰক্ৰিয়াটো দীৰ্ঘম্যাদী হ’বলৈ গৈ আছে।”

অৰ্থাৎ এটা পৰ্যায়ত হয়তো গলৱান উপত্যকাৰ পৰা সেনা প্ৰত্যহাৰ কৰা বিষয়টো গেঁঠেলা মাৰি থাকিব!

ভাৰতৰ বৈদেশিক মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে আজি সাংবাদিকৰ আগত চীনৰ প্ৰতি অভিযোগ কৰি কয় যে, “প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত ভাৰতে যি আন্তঃগাঠনি নিৰ্মাণ কৰিছে সেয়া ভাৰত ভূখণ্ডত কৰা হৈছে। ভাৰতে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ লংঘন কৰা নাই। কিন্তু চীনে এই ভূমিকা গ্ৰহণ কৰা নাই। যাৰ কাৰণে বাৰে বাৰে সংঘাতময় পৰিস্থিতিৰ সৃষ্টি হৈছে।”

ইফালে চীনৰ ৰাষ্ট্ৰদূত চুং ৱয়েংদুঙে আজি সংবাদ মাধ্যমৰ আগত কয় যে, “গালৱানৰ সাম্প্ৰতিক সংঘৰ্ষৰ বাবে চীন দায়ী নহয়।”

Related News