NORTHEAST NOW (Assamese)
অসম

সাংবাদিক জিতুমণি বৰাৰ জেৰা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত এক কৌশলগত আঘাত : ৰাইজৰ দল

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 13, 2023 8:30 pm

অসমৰ এজন জেষ্ঠ আপোচবিহীন সাংবাদিক তথা জাতীয় জীৱনৰ এজন জাগ্ৰত প্ৰহৰী লেখক, প্ৰাগ ডিজিটেল’ৰ সম্পাদক জিতুমণি বৰাক আক্ৰোশমূলক ভাৱে ক্ৰাইম ব্ৰাঞ্চৰ হতুৱাই জেৰা কৰাৰ ঘটনাত তীব্ৰ উদ্বেগ প্ৰকাশ কৰিছে ৰাইজৰ দলে।

আজি এক প্ৰেছ বিজ্ঞপ্তি যোগে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ক্ষোভ প্ৰকাশ কৰি সাংবাদিকক ভয় খুৱাই কণ্ঠ ৰোধ কৰাৰ এইয়া চৰকাৰী অপচেষ্টা নহয়নে বুলি প্ৰশ্ন কৰে।

উল্লেখযোগ্য যে বিহুৰ বিশ্ব ৰেকৰ্ডকলৈ অপপ্ৰচাৰৰ এক গোচৰত ধাৰা ভাৰতীয় দণ্ডবিধিৰ ১২০বি/ ১৫৩এ/ ৫০৫() ৰ অধীনত আজি পুৱা ১১ বজাৰ পৰা সাংবাদিক বৰাক জেৰা কৰা হৈছিল। আবেলিলৈ তেখেতক যাবলৈ দিয়া হয় যদিও, চৰকাৰে এনে ফেচীবাদী স্বৈৰতান্ত্ৰীক নীতিৰ জৰিয়তে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত এক কৌশলগত আঘাত হানিছে বুলি মন্তব্য কৰে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতিদ্বয় ভাস্কডি শইকীয়া আৰু কবীন্দ্ৰ চেতিয়া ফুকনে।

ৰাইজৰ দলৰ নেতাদ্বয়ে কয় ভৱিষ্যতে যাতে চৰকাৰৰ দুৰ্বলতা সমূহ কোনো সংবাদ মাধ্যমে উদঙাই দিবলৈ সাহস নকৰে আৰু চৰকাৰে নিজ ইচ্ছামতে চৰকাৰী কোষৰ অপব্যয় কৰিব পাৰে, তাৰবাবেই এনে আক্ৰোশমূলক নীতিৰ জৰিয়তে চৰকাৰে কুছকাৱাজ আৰম্ভ কৰিছে।

ৰাইজৰ দলে সকলো সংবাদ মাধ্যমক চৰকাৰৰ এনে দমনমূলক আচৰণৰ সমালোচনা কৰি এক আপোচবিহীন সাংবাদিকতাৰ জৰিয়তে সুস্থ গণতন্ত্ৰ গঢ়ি তোলাত মুখ্য ভূমিকা লবলৈ আহ্বান জনায়।