NORTHEAST NOW (Assamese)

মাৰাডোনাৰ বিয়োগত শ্ৰদ্ধা জনাই দুদিনীয়া শোক ঘোষণা কেৰালা চৰকাৰৰ

November 26, 2020 4:50 pm · এন ই নাও নিউজ

ফুটবলৰ ৰাজপুত্ৰ ডিয়েগ’ মাৰাডোনাৰ বিয়োগত কেৰালা চৰকাৰে দুদিনীয়া শোক ঘোষণা কৰিছে।

আৰ্জেন্টিনাৰ অন্যতম শ্ৰেষ্ঠ ফুটবলাৰ গৰাকীৰ বিয়োগত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কেৰালা চৰকাৰে ৰাজ্যখনৰ ক্ৰীড়াক্ষেত্ৰত দুদিনীয়া শোক ঘোষণা কৰিছে।

এই দুদিনীয়া শোকপ্ৰকাশত কেৰালাত সকলো ধৰণৰ ক্ৰীড়া অনুষ্ঠানে মাৰাডোনাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে নিয়মীয়া কাম-কাজ বন্ধ ৰাখিব।

‘‘আৰ্জেণ্টিনাৰ পাছতে মাৰাডোনাৰ সহস্ৰ অনুৰাগী কেৰালাত আছে। যিকোনো বিশ্বকাপৰ সময়ত মাৰাডোনাৰ পোষ্টাৰে কেৰালাক আবৰি ধৰে,’’ মুখ্য মন্ত্ৰী পিনাৰাজি বিজয়নে কয়।

‘ঈশ্বৰৰ হাত’ৰ জৰিয়তে ১৯৮৬ চনত বিশ্বৰ ক্ৰীড়া জগতত খলকনি তোলা মাৰাডোনা যোৱা নিশা হঠাতে হৃদৰোগত আক্ৰান্ত হয়।

তেওঁক লগে লগে বুয়ৰ্নছ আয়াৰ্ছৰ এখন  চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

আৰ্জেণ্টিনাৰ কিংবদন্তী ফুটবলাৰ গৰাকীৰ মগজুত ৰক্ত গোটমৰাৰ ফলত যোৱা মাহত তেওঁৰ অস্ত্ৰপোচাৰ সম্পন্ন কৰা হৈছিল।

ইয়াৰ পিছতে তেওঁ সুস্থ হৈ উঠিছিল যদিও যোৱা নিশা হঠাতে উশাহ লোৱাত কষ্ট পাবলৈ ধৰে আৰু চিকিৎসালয়লৈ নিয়াৰ পিছতে তেওঁৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়।

মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬০ বছৰ।১৯৬০ চনৰ ৩০ অক্টোৱৰৰ দিনা আৰ্জেণ্টিনাৰ বূয়ৰ্নছ আয়াৰ্ছ প্ৰদেশৰ এখন চিকিৎসালয়ত জন্মগ্ৰহণ কৰা মাৰাডোনাই ১২ বছৰ বয়সৰ পৰাই ফুটবল খেলিবলৈ লৈছিল।

ফিফাৰ প্লেয়াৰ অৱ দ্য ২০ চেঞ্চুৰী সন্মানেৰে সন্মানিত মাৰাডোনাই ১৯৮৬ চনত মেক্সিকোত অনুষ্ঠিত ফিফা বিশ্বকাপত তেওঁৰ যাদুকৰী গ’লেৰে ইংলেণ্ডৰ বিৰুদ্ধে আৰ্জেণ্টিনাক বিজয়ী কৰোৱাত সহায় কৰিছিল।

জীৱনকালত বহু বঁটা-সন্মানেৰে বিভূষিত মাৰাডোনাই ১৯৯৭ চনত খেলৰ পৰা অৱসৰ গ্ৰহণ কৰে যদিও আৰ্জেণ্টিনা দলৰ প্ৰশিক্ষক হিচাবে তেওঁ বহু বছৰ কাৰ্যনিৰ্বাহ কৰে।

Related News