NORTHEAST NOW (Assamese)

বেলজিয়ামৰ চলচ্চিত্ৰ মহোৎসৱত ‘দ্যা মেন হু স্পিকচ নেচাৰ’লৈ শ্ৰেষ্ঠ চুটি ছবিৰ সন্মান

October 20, 2019 6:43 pm · উত্তম শইকীয়া

বেলজিয়ামত অনুষ্ঠিত প্রকৃতি বিষয়ক এখন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহােৎসৱত অসমৰ ধৃতিমান কাকতি আৰু ৰক্তিম হাজৰিকাৰ ‘দ্যা মেন হু স্পিকচ নেচাৰ’ নামৰ চুটি ছবিখন শ্রেষ্ঠ চুটি ছবিৰ সন্মান লাভ কৰিছে। বেলজিয়ামৰ নামূৰ চহৰত ১১ৰ পৰা ২০ অক্টোবৰলৈ আয়োজিত মহোৎসৱটোৰ নাম Festival International Nature Namur

ইতিমধ্যে বহুলভাবে সমাদৃত ধৃতিমান আৰু ৰক্তিমৰ ছবিখনে মহোৎসৱটোৰ “Professional Films Competition Category”ত বিশ্বৰ ৪২ ছবিৰ ভিতৰত শ্রেষ্ঠ চুটি ছবি হিচাপে নির্বাচিত হয়।

নামূৰৰ এচিনাপ’লিচ ম’ভি থিয়েটাৰত ১৮ অক্টোবৰত ছবিখন প্রদর্শন কৰা হয় আৰু ১৯ অক্টোবৰত অনুষ্ঠিত বঁটা বিতৰণি অনুষ্ঠানত ছবিখনক উক্ত বঁটাৰে সন্মানিত কৰা হয়।

উল্লেখযোগ্য যে পৰিৱেশ সচেতনতা তথা সজাগতাৰ উদ্দেশ্যে ১৯৯৫ চনৰ পৰা একেৰাহে বেলজিয়ামত এই মহােৎসৱ অনুষ্ঠিত হৈ আহিছে। উক্ত মহােৎসৱখনক ইউৰােপত অনুষ্ঠিত এনেধৰণৰ মহােৎসৱসমূহৰ ভিতৰত শীর্ষ ৫খন মহােৎসৱৰ অন্যতম।

শ্ৰেষ্ঠ চুটি ছবিৰ খিতাপেৰে অসমলৈ গৌৰৱ কঢ়িয়াই অনা এই ছবিখনৰ পৰিকল্পনা ৰক্তিম হাজৰিকাৰ, নির্দেশনা ধৃতিমান কাকতিৰ, চিনেমেট্ৰ’গ্রাফী আৰু সম্পাদনা ৰক্তিম হাজৰিকাৰ। দুয়োজনে বােকাখাতৰ যুৱক।

কাজিৰঙা বচা গাঁও নিবাসী, পৰিৱেশকর্মী মনােজ গগৈৰ প্রকৃতি সংৰক্ষণ বিষয়ক কর্মৰাজিৰ ওপৰত আধাৰিত এই ছবিখনৰ পৰিচালক ২০ বছৰীয়া ধৃতিমান কাকতি হিমাচল প্রদেশৰ ছিমলাত গণসংযােগ আৰু সাংবাদিকতা পাঠ্যক্ৰমৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ আৰু ছবিখনৰ চিনেমেট’গ্রাফাৰ তথা সম্পাদক ২১ বছৰীয়া ৰক্তিম হাজৰিকা বি চি এৰ স্নাতক।

Related News