NORTHEAST NOW (Assamese)
অসম

কোভিড-১৯ত আক্রান্ত চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 3, 2021 6:46 am
MLA Chenga

বৰপেটা জিলাৰ চেঙা সমষ্টিৰ নৱনিৰ্বাচিত এআইইউডিএফ দলৰ বিধায়ক আশ্ৰাফুল হুছেইন কোভিড-১৯ত আক্ৰান্ত হৈছে।

বিধায়কগৰাকী বৰ্তমান হোম আইছ’লেশ্যনত আছে ৷

সদ্য সমাপ্ত বিধানসভাৰ নিৰ্বাচনত চেঙা সমষ্টিৰ পৰা এআইইউডিএফৰ প্ৰাৰ্থী হিচাপে অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল হুছেইন।

নিৰ্বাচনত তেওঁ কংগ্ৰেছ প্ৰাৰ্থী তথা প্ৰাক্তন মন্ত্ৰী চুকুৰ আলী আহমেদক পৰাজিত কৰে।

উল্লেখ্য যে মহাজোঁটত থাকিলেও সমষ্টিটোত কংগ্ৰেছ আৰু এআইইউডিফৰ বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হৈছিল।

আজি কেইদিনমান পূৰ্বে যুৱ বিধায়ক আশ্ৰাফুল হুছেইন বিবাহপাশত আৱদ্ধ হৈছিল।

সমষ্টিবাসী ৰাইজৰ লগতে তেওঁৰ সমৰ্থক আৰু শুভাকাংক্ষী সকলে যুৱ বিধায়ক গৰাকীৰ আশু আৰোগ্য কামনা কৰিছে ৷