NORTHEAST NOW (Assamese)
অসম

চিকিৎসকৰ ওপৰত আক্ৰমণৰ ঘটনাক সদৌ অসম আমোলা সন্থাৰ গৰিহণা

Posted by: প্ৰণৱ কুমাৰ ডেকা Updated by: প্ৰণৱ কুমাৰ ডেকা June 2, 2021 9:01 pm
doc

হোজাই জিলাৰ উদালি আদৰ্শ চিকিৎসালয়ৰ ক’ভিড চেণ্টাৰত মঙলবাৰে লংকাকাণ্ড সংঘটিত কৰা ব্যক্তি সকলৰ বৰ্বৰতা কাৰ্যক সদৌ অসম আমোলা সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছে ৷

সদৌ অসম আমোলা সন্থাৰ সভাপতি দিলীপ কোঁৱৰ আৰু সাধাৰণ সম্পাদক সত্য নাৰায়ণ ৰায়ে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত চিকিৎসালয়ৰ কৰ্তব্যৰত চিকিৎসক ডাঃ সেউজ কুমাৰ সেনাপতি, নাৰ্চ, চিকিৎসা কৰ্মীৰ ওপৰত মাৰধৰ কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে।

tt

তেওঁলোকে  কয় যে হোজাই জিলা প্ৰশাসনে এই কাৰ্যত লিপ্ত থকা ব্যক্তি সকলক চিনাক্ত কৰি উচিত শাস্তি প্ৰদান কৰি চৰকাৰী সম্পত্তিৰ ক্ষতিপূৰণ বিহিব লাগে,যাতে ভৱিষ্যতে এনে কাৰ্যৰ পৰা সকলো পক্ষই বিৰত থাকে ৷

সেইদৰে ভৱিষ্যতৰ দিনত অসমত এনে ঘটনা সংঘটিত কৰাৰ পৰা বিৰত থাকিবলৈ সকলো ৰাইজক সন্থাই অনুৰোধ জনায়৷

আনহাতে ঘটনাত আহত চিকিৎসক,নাৰ্চ,চিকিৎসা কৰ্মীসকলৰ আশু আৰোগ্য কামনা কৰে ৷