NORTHEAST NOW (Assamese)
Popular Stories

জানক ‘মাহেকীয়া’ৰ সময়ত SEX কৰাৰ বিভিন্ন উপকাৰিতা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 4, 2019 2:32 pm
7-Surprising-Health-Benefits-of-Sex-1024x572

ঋতুস্ৰাৱ বা মাহেকীয়াৰ সময়ত শাৰীৰিক সম্বন্ধ কৰাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি ভাৰতীয় সমাজত মানি অহা হৈছে যদিও আচলতে এইটো এটা ভ্ৰান্ত ধাৰণাহে।

হয়, ঋতুস্ৰাৱ বা মহেকীয়াৰ সময়ত আপুনি নিসন্দেহে শাৰীৰিক সম্বন্ধ ৰক্ষা কৰিব পাৰে। সাধাৰণতে মাহেকীয়াৰ সময়ত নাৰীসকলক যৌন কাৰ্যকলাপত লিপ্ত হোৱাৰ পৰা আঁতৰি থাকিবলৈ কোৱা হয়।

আমাৰ সমাজে প্ৰশ্ন কৰে যে ঋতুস্ৰাৱ বা মহেকীয়াৰ সময়ত শাৰীৰিক সম্বন্ধ কৰাটো স্বাস্থ্যৰ বাবে লাভজনক নে? নিশ্চয়, যদি আপুনি শাৰীৰিক সম্বন্ধ ৰক্ষা কৰাৰ ক্ষেত্ৰত শংকাবোধ নকৰে তেন্তে ইয়ে স্বাস্থ্যৰ একো ক্ষতি নকৰে।

অৱশ্যে শাৰীৰিক সম্বন্ধৰ সময়ত যাতে কোনোধৰণৰ সংক্ৰমণ নহয় তাৰ বাবে আপুনি সুৰক্ষাৰ ক্ষেত্ৰত সজাগ হোৱাটো প্ৰয়োজনীয়।

ঋতুস্ৰাৱৰ সময়ত শাৰীৰিক সম্বন্ধ কৰিলে গৰ্ভৱতী নহয় বুলি বহুতে ধাৰণা কৰে। কিন্তু চিকিৎসা বিজ্ঞানৰ মতে গৰ্ভৱতী হোৱাৰ আশংকা থাকে সেয়ে সুৰক্ষাৰ ক্ষেত্ৰত ব্যৱস্থা ল’ব লাগে।

ঋতুস্ৰাৱ বা মাহেকীয়াৰ সময়ত শাৰীৰিক সম্বন্ধ কৰাৰ কেইটামান স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক

MIGRAINE কমাই : সাধাৰণতে মাহেকীয়াৰ সময়ত মূৰৰ বিষ হয়। কিন্তু যৌন উপভোগৰ জৰিয়তে মূৰৰ বিষ তথা মানসিক প্ৰশান্তি লাভ কৰিব পাৰে।

Cramp দূৰ কৰাত সহায় কৰে : মাহেকীয়াৰ সময়ত জৰায়ু সংকোচিত হোৱাৰ ফলত নানাৰ ধৰণৰ পেষীৰ বিষ হয়। আৰু সেই সময়ত শাৰীৰিক সম্বন্ধ কৰিলে জৰায়ুৰ সম্প্ৰসাৰণ ঘটে আৰু বিষৰ পৰা উপশম পাব পাৰি।

SEXUAL DRIVEৰ বিষয়ে : মহিলাসকলৰ ঋতুস্ৰাৱ হোৱাৰ দুসপ্তাহ আগৰ SEXUAL DRIVE আৰম্ভ হয় আৰু মাহেকীয়াৰ সময়ত বেছিকৈ বৃদ্ধি পাবলৈ ধৰে।

ঋতুস্বাৱৰ দিন কমে : যৌন ক্ৰিয়া কৰি থাকোতে কামশীৰ্ষ (orgasm) প্ৰাপ্তিৰ সময়ত হোৱা মাংসপেশীৰ সংকোচনে জৰায়ুৰ পদাৰ্থ সমূহ পূৰ্বতকৈ জোৰে আৰু সৰহকৈ বাহিৰ ওলোৱাত সহায় কৰে। যাৰ ফলত মহিলাসকলৰ ঋতুস্ৰাৱৰ দিন লাঘৱ হয়।