NORTHEAST NOW (Assamese)
অসম

ফেইচবুকত এটি শিশুৰ আবৃত্তিৰ ভিডিঅ’ ভাইৰেল; দুই লাখ ভিউৱাৰ; হাজাৰ হাজাৰ শ্বেয়াৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 4, 2019 4:07 pm
Child recitation

এটি কণমানি শিশুৱে কৰা আবৃত্তিৰ চাৰি বছৰ পুৰণি এটা ভিডিঅ’ ছ’চিয়েল মিডিয়া ফেইচবুকত এতিয়াও য়ুজাৰৰ টাইমলাইন, ইনবক্সত ঘূৰি ফুৰিছে আৰু এইদৰেই ই প্ৰায় দুই লাখ ক্লিক পাইছে।

শিশুটোৰ আগদাঁত সৰাৰ পিছত এতিয়াও ওলাবলৈ বাকী আছে আৰু এই হোলা মুখত আধা ফুটা মাতেৰে আবৃত্তি কৰিছে এটা আধুনিক কবিতা।

“কৃষ্ণাক্ষী বৰুৱা তুমি কি বুজিবা?” শিৰোনামৰ এই কবিতাটো কোনে লিখা বা কোনে শিশুটোৰ এই আবৃত্তিৰ ৰেকৰ্ডিং কৰিছে এইবোৰ একো তথ্য ভিডিঅ’টোত অন্তৰ্ভুক্ত নহয়, কিন্তু পোষ্টেড বাই অঞ্জন দাস ৰিংকু বুলি পোৱা যায়।

https://www.facebook.com/anjan.das.9440234/videos/1044916552227207/

কবিতাৰ বিষয়বস্তুও একেবাৰে এতিয়াৰ যুগৰ। লেপটপ, টেবলেট, গেইম, ব্ৰাউজ, টুইটাৰ, ফেইচবুক আদি হ’ল কবিতাটোত ব্যৱহৃত কিছুমান শব্দ, যিবোৰ শিশুটোৰ মুখত আখৈফুটা দি ফুটিছে।

শিশুটোৰ সুন্দৰ আৰু সাৱলীল আবৃত্তিৰ বাবেই ফেইচবুকত ই জনপ্ৰিয় হৈ পৰিছে আৰু প্ৰায় ২ লাখ য়ুজাৰে ইয়াক শুনিছে। প্ৰায় ৪ হাজাৰ লোকে ইয়াক শ্বেয়াৰো কৰিছে।