NORTHEAST NOW (Assamese)
Popular Stories

স্বামীহাৰা মাতৃয়ে বিয়া কৰাইছিল পুত্ৰক! : চ’ছিয়েল মিডিয়াত ভাইৰেল খবৰটো কিমান দূৰ সত্য?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 20, 2020 2:20 pm
whatsapp-image-2020-08-20-at-11-21-53-jpeg_710x400xt

চ’ছিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ফ’টো সংলগ্ন প’ষ্টে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ভাইৰেল হোৱা উক্ত ফ’টো সংলগ্ন প’ষ্টটোত এজনী স্বামীহাৰা মাতৃয়ে নিজৰ পুত্ৰৰ লগত বিবাহপাশত আৱদ্ধ হোৱা বুলি কোৱা হৈছে।

দুখন ফ’টোসহ উক্ত প’ষ্টত ৰাজশ্ৰী ছেল্ভাকুমাৰ নামৰ এটা ফেইচবুক প্ৰফাইলত লিখিছিল, “যেতিয়া মোৰ প্ৰথম স্বামীৰ মৃত্যু হৈছিল তেতিয়া আমাৰ পুত্ৰৰ বয়স আছিল মাত্ৰ ১২ বছৰ, এতিয়া তাৰ বয়স ৩০ বছৰ। আমি দুয়ো একেলগে থাকো আৰু কলেজ সমাপ্ত কৰি মোৰ মৰমৰ পুত্ৰই বিস্মিত কৰি মোক বিয়াৰ প্ৰস্তাৱ দিয়ে। আৰু মই সন্মত হওঁ আৰু ২০১৬ চনত আমি দুয়ো বিবাহপাশত আৱদ্ধ হওঁ। আমাৰ এটি তিনি বছৰীয়া পুত্ৰ সন্তানো আছে।”

প’টোসহ এই প’ষ্টটো ভাইৰেল হোৱাৰ পিছতে বহুতে সমালচোনাত মুখৰ হোৱা দেখা গৈছিল।

অৱেশ্যে এই প’ষ্টটো আৰু ফেইচবুক একাউন্টটো সত্যতাকলৈও প্ৰশ্ন উত্থাপন হয়।

ইয়াৰ পিছতে ৰাজশ্ৰী ছেল্ভাকুমাৰ নামৰ মহিলা এগৰাকী একাউন্টটো ফেক চ্যেক কৰা হয়।

প’ষ্টটো ভাইৰেল হোৱাৰ পিছতে উক্ত ফেইচবুক একাউন্টটো নিষ্ক্ৰিয় কৰি দিয়া হৈছে।

ইফালে প’ষ্টটোৰ সৈতে সংলগ্ন ফ’টো দুখনৰ ব্যক্তি দুগৰাকীৰ পৰিচয়ো উদ্ধাৰ হৈছে।

তেওঁলোক বৰ্তমান মালেছিয়াৰ নিৱাসী এহাল ভাৰতীয় দম্পতী।

তেওঁলোক ৯ বছৰ একেলগে থকাৰ পিছত যোৱা ২০১৭ চনত বিবাহপাশত আৱদ্ধ হৈছে আৰু মালেছিয়াত আৰ ৱালবোৰ্ড ফিজিঅ’ ছেন্টাৰ নামৰ তেওঁলোকৰ এটা শৰীৰৰ চৰ্চাৰ কেন্দ্ৰ আছে।

উক্ত দম্পতীয়ে উক্ত ফেইচবুক প’ষ্টোৰ পিছত ৰাজশ্ৰী ছেল্ভাকুমাৰ নামৰ ফেইচবুক একাউন্টটোৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰ চাপিছে।