NORTHEAST NOW (Assamese)

প্ৰশ্নকাকত ফাদিলৰ পৰা আত্মনাশলৈ: ২০১৩ চনৰ পৰাই ধাৰাবাহিক বিতৰ্কৰ আৱৰ্তত নিট পৰীক্ষা

May 16, 2026 6:05 pm · এন ই নাও নিউজ, গুৱাহাটী

সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষা অৰ্থাৎ নিটক লৈ সমগ্ৰ দেশত পুনৰ বিতৰ্কৰ সৃষ্টি হৈছে। শেহতীয়াকৈ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাই দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। যোৱা ৩ মেত নেচনেল টেষ্টিং এজেন্সী চমুকৈ এনটিএয়ে নিট ইউজি পৰীক্ষা অনুষ্ঠিত কৰিছিল। এই পৰীক্ষাত প্ৰায় ২৩ লাখ ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল। জানিব পৰা মতে, পৰীক্ষাৰ কমেও এমাহ পূৰ্বেই একাংশ ছাত্ৰ-ছাত্ৰীৰ হাতত এখন সাম্ভাৱ্য প্ৰশ্নকাকত আহি পৰিছিল। এই সাম্ভাৱ্য প্ৰশ্নকাকতখনত ৪১০ টা প্ৰশ্ন আছিল আৰু পৰীক্ষাৰ পিছত দেখা গল যে ৰসায়ন বিজ্ঞানৰ ১২০ টা প্ৰশ্ন মূল প্ৰশ্নৰ সৈতে হুবহু মিলি গৈছে। কেৱল প্ৰশ্নয়েই নহয়, উত্তৰৰ বিকল্পসমূহো একেই আছিল। এনে দুৰ্নীতি যাতে পুনৰ নহয় তাক নিশ্চিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে এতিয়া অনলাইন পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে।

ইতিমধ্যে এই নিট কেলেংকাৰীৰ তদন্ত আৰম্ভ কৰিছে চিবিআইয়ে। পুনেৰ বাসিন্দা পি ভি কুলকৰ্ণী নামৰ এজন শিক্ষকক তদন্তকাৰী সংস্থাটোৱে গ্ৰেপ্তাৰ কৰিছে। জানিব পৰা মতে, তেওঁ এজন অৱসৰপ্ৰাপ্ত অধ্যাপক আৰু এনটিএৰ তৰফৰ পৰা অনুষ্ঠিত কৰা নিট পৰীক্ষাৰ সৈতেও তেওঁ জড়িত আছিল। বৰ্তমান তেওঁ বিভিন্ন শিক্ষানুষ্ঠানত প্ৰবক্তা হিচাপে কৰ্মৰত হৈ আছে। অৱশ্যে নিট পৰীক্ষাক লৈ বিতৰ্ক হোৱা এইটোৱেই প্ৰথম ঘটনা নহয়, জন্মলগ্নৰে পৰাই এই পৰীক্ষা বিতৰ্কৰ মাজত সোমাই আছে।

২০১৩ চনত যেতিয়া প্ৰথমবাৰৰ বাবে সৰ্বভাৰতীয় পৰ্যায়ত এই চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষা আৰম্ভ হৈছিল, তেতিয়াই ই আইনী বাধাৰ সন্মুখীন হৈছিল। বহুকেইখন ৰাজ্য চৰকাৰে নিটৰ বিৰোধিতা কৰিছিল। ৰাজ্যসমূহৰ দাবী আছিল যে কেন্দ্ৰীয় পৰ্যায়ত এনেদৰে পৰীক্ষা অনুষ্ঠিত কৰাটো ৰাজ্যৰ অধিকাৰত হস্তক্ষেপ কৰাৰ সমকক্ষ। উচ্চতম ন্যায়ালয়ে প্ৰথম অৱস্থাত নিটক অসাংবিধানিক বুলি ঘোষণা কৰিছিল যদিও পৰৱৰ্তী সময়ত সেই ৰায় বাতিল কৰা হয়। আইনী বাধা অতিক্ৰম কৰাৰ পিছতো নিটৰ পৰা বিতৰ্ক আঁতৰা নাছিল। ২০১৫ চনত পৰীক্ষাৰ সময়ত এক অভিনৱ প্ৰতাৰণা পোহৰলৈ আহে, ত বহু ছাত্ৰ-ছাত্ৰীয়ে কাপোৰৰ মাজত বিশেষ ব্লুটুথ ডিভাইচ লুকুৱাই নি পৰীক্ষা দিছিল। সেইবাৰ উচ্চতম ন্যায়ালয়ে পৰীক্ষা বাতিল কৰি পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিছিল।

২০১৬ চনত সমগ্ৰ দেশৰ সকলো চিকিৎসা মহাবিদ্যালয়ৰ বাবে একেলগে প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হয়। সেইবাৰো নিটৰ দ্বিতীয় পৰ্যায়ত প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ উত্থাপন হৈছিল আৰু ইয়াক লৈ আন্দোলন পৰ্যন্ত হৈছিল। কিন্তু সেইবাৰ উচ্চতম ন্যায়ালয়ে পুনৰ পৰীক্ষা লোৱাৰ নিৰ্দেশ দিয়া নাছিল। ইয়াৰ পিছত ২০১৭ চনত সম্ভৱতঃ নিটক লৈ আটাইতকৈ বেছি বিতৰ্ক হৈছিল। অভিযোগ উঠিছিল যে সৰ্বভাৰতীয় পৰ্যায়ত পৰীক্ষা অনুষ্ঠিত হলেও হিন্দীভাষী ছাত্ৰ-ছাত্ৰীসকলে অতিৰিক্ত সুবিধা লাভ কৰিছে আৰু আঞ্চলিক ভাষাত কঠিন প্ৰশ্ন সোধা হৈছে। সেইবাৰ তামিলনাডুৰ এগৰাকী শিক্ষাৰ্থীয়ে আত্মহত্যা কৰাৰ পিছত সমগ্ৰ দেশ উত্তাল হৈ পৰিছিল আৰু এই বিতৰ্ক আদালতলৈ গৈছিল। পৰৱৰ্তী সময়ত তামিলনাডুৰ নিৰ্বাচনতো এইটো এটা প্ৰধান ইছ্যু হৈ পৰিছিল।

২০২০-২০২১ চনতো নিটক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল। সেইবাৰ অভিযোগ উঠিছিল যে দেশজুৰি চলি থকা ছলভভাৰ গেং নামৰ চিকিৎসকৰ এটা দলে ধনৰ বিনিময়ত প্ৰাৰ্থীৰ হৈ প্ৰক্সি পৰীক্ষা দিছে। সেই দুবছৰ কেইবাজনো প্ৰাৰ্থীৰ ফলাফলক লৈ প্ৰশ্ন উত্থাপন হৈছিল যদিও পৰীক্ষা বাতিল কৰা হোৱা নাছিল। অৱশ্যে নেচনেল টেষ্টিং এজেন্সীয়ে তীব্ৰ সমালোচনাৰ সন্মুখীন হবলগীয়া হৈছিল। ২০২৪ চনত এই ছলভভাৰ গেং আৰু একে নম্বৰ পোৱাৰ বিতৰ্কই চৰম ৰূপ ধাৰণ কৰে। আনকি বিহাৰৰ হাজাৰিবাগত প্ৰশ্নকাকত চুৰি হোৱাৰ দৰে ঘটনাও পোহৰলৈ আহে। সেইবাৰ উচ্চতম ন্যায়ালয়ে হস্তক্ষেপ কৰিবলগীয়া হয় আৰু এনটিএ ভৰ্ৎসনাৰ সন্মুখীন হয়। চৰকাৰো চাপত পৰে যদিও আশ্চৰ্যজনকভাৱে ইউজিপি বা এনটিএৰ কোনো বিষয়াৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল।

চলিত ২০২৬ বৰ্ষৰ আটাইতকৈ ডাঙৰ বিতৰ্কটো হৈছে প্ৰশ্নকাকত ফাদিল। এইবাৰো প্ৰায় ২৩ লাখ পৰীক্ষাৰ্থীয়ে দ্বিতীয়বাৰৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া হৈছে। এবিভিপিক ধৰি প্ৰায় সকলো ছাত্ৰ সংগঠনে ইয়াৰ প্ৰতিবাদ কৰিছে যদিও চৰকাৰ এতিয়াও নিমাত হৈ আছে। প্ৰকৃততে জন্মলগ্নৰে পৰাই নিটক লৈ বিতৰ্ক চলি আহিছে। কেতিয়াবা এই পৰীক্ষাৰ সাংবিধানিক বৈধতাক লৈ প্ৰশ্ন উত্থাপন হয়, কেতিয়াবা ইয়াৰ নিৰপেক্ষতাক লৈ, আকৌ কেতিয়াবা এই পৰীক্ষা কেন্দ্ৰ আৰু ৰাজ্যৰ মাজৰ বিতৰ্কৰ বিষয় হৈ নিৰ্বাচনী ইছ্যুত পৰিণত হয়। বাৰে বাৰে নিট বাতিলৰ দাবী উত্থাপন হৈছে আৰু বাৰে বাৰে মোদী চৰকাৰক সমালোচনাৰ লক্ষ্য কৰি লোৱা হৈছে, কিন্তু আজিলৈকে কোনো ধৰণৰ ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।

Related News