NORTHEAST NOW (Assamese)

কাইলৈৰ তেল ডিপো বন্ধৰ কাৰ্য্যসূচী সাময়িকভাৱে প্ৰত্যাহাৰ; আলোচনা বিফল হ’লে পুনৰ বন্ধ দিয়াৰ হুমকি

November 24, 2019 8:06 pm · কল্পজ্যোতি শইকীয়া
Updated: November 24, 2019 8:10 pm

নৰ্থ-ইষ্ট ইণ্ডিয়া পে’ট্ৰ’লিয়াম ডীলাৰ এছ’চিয়েশ্যনৰ গুৱাহাটী শাখাই ২৫ নৱেম্বৰত মহানগৰীৰ পে’ট্ৰ’ল ডিপোবোৰ বন্ধৰ আহ্বান দিছিল যদিও সেয়া এসপ্তাহলৈ সাময়িকভাৱে স্থগিত ৰখা হৈছে।

তেল কোম্পানিবোৰৰ ওচৰত তেওঁলোকৰ দাবীসমূহ সন্দৰ্ভত কাইলৈ আলোচনা অনুষ্ঠিত কৰাৰ সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত এই বন্ধ স্থগিত ৰখা হৈছে বুলি জানিবলৈ দিছে এছ’চিয়েশ্যনৰ গুৱাহাটী শাখাৰ সভাপতি ৰাজীৱ গোস্বামীয়ে।

অইল ইণ্ডিয়া লিমিটেড, হিন্দুস্তান পেট্ৰ’লিয়ামৰ উচ্চ পদস্থ বিষয়াৰে কাইলৈ কামৰূপ মহানগৰ জিলা উপায়ুক্ত কাৰ্য্যালয়ত দিনৰ ১২ বজাত আলোচনাত মিলিত হ’ব সংস্থাটো।

কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ উপস্থিতিত হ’ব লগীয়া এই আলোচনাত এছ’চিয়েশ্যনৰ বৃহত্তৰ গুৱাহাটী শাখাৰ সভাপতি আৰু সম্পাদককে ধৰি অন্যান্য প্ৰতিনিধিসকল উপস্থিত থাকিব, ৰাজীৱে গোস্বামীয়ে জনালে।

আলোচনাৰ সময়ত এছ’চিয়েশ্যনৰ দাবীসমূহ পূৰণৰ বাবে তেল কোম্পানিবোৰৰ পৰা প্ৰতিশ্ৰুতি নিদিলে এসপ্তাহৰ পাছত পুনৰ বন্ধ কাৰ্য্যসূচী লোৱা হ’ব বুলি জানিবলৈ দিছে গোস্বামীয়ে।

এছ’চিয়েশ্যন তেল কোম্পানিসমূহে অট’মেশ্যনৰ নামত ডিপোসমূহৰ তেলৰ টেংকত এবিধ বৈদ্যুতিক যন্ত্ৰ স্থাপন কৰাৰ বিৰোধিতাৰে ২৫ নৱেম্বৰত এই ২৪ ঘণ্টীয়া তেল ডিপো বন্ধ কাৰ্য্যসূচী ঘোষণা কৰিছিল।

বন্ধ কাৰ্য্যসূচীৰ অধীনত ২৫ নৱেম্বৰ, অৰ্থাৎ সোমবাৰে পুৱা ৫ বজাৰ পৰা মঙলবাৰৰ পুৱা ৫ বজালৈকে তেল ডিপোসমূহ বন্ধ ৰখাৰ কথা আছিল।

Related News