NORTHEAST NOW (Assamese)

মাদ্ৰাছ আই আই টিত কোভিড প’জিটিভৰ সংখ্যা ১৮৩ গৰাকীলৈ বৃদ্ধি

December 15, 2020 3:34 pm · এন ই নাও নিউজ
আই আই টি মাদ্ৰাছ

মঙলবাৰে আই আই টি মাদ্ৰাছত কোভিড প’জিটিভ ব্যক্তিৰ সংখ্যা ১৮৩ গৰাকীলৈ বৃদ্ধি পাইছে।

তামিলনাডুৰ স্বাস্থ্য সচিৱ ড০ জে ৰাধাকৃষ্ণণে মাদ্ৰাছ আই আই টিত কোভিড প’জিটিভ হোৱা শিক্ষাৰ্থী আৰু কৰ্মচাৰী সকলৰ স্বাস্থ্য বৰ্তমান সময়ত ঠিকে আছে বুলি উল্লেখ কৰি তেওঁলোকক প্ৰয়োজনীয় চিকিৎসা আগবঢ়াই থকা হৈছে বুলি কয়।

আই আই টি মাদ্ৰাছ কৰ্তৃপক্ষই বৰ্তমান সময়ত হোষ্টেলত থকা ছাত্ৰ-ছাত্ৰী সকললৈ কোভিড প্ৰট’কল মানি খাদ্য বস্তুৰ লগতে অন্যান্য প্ৰয়োজনীয় সামগ্ৰী সমূহ যোগান ধৰাৰ ব্যৱস্থা কৰিছে।

তামিলনাডুৰ ৰাজধানী চেন্নাইস্থিত উচ্চ শিক্ষা প্ৰতিষ্ঠানখনৰ ৬৬ গৰাকীকৈ শিক্ষাৰ্থীৰ দেহত ১৪ নৱেম্বৰত কোভিড ১৯ৰ উপস্থিতি ধৰা পৰিছিল।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত তথ্য অনুসৰি ১৪ নৱেম্বৰত শিক্ষানুষ্ঠানৰ ৭০০ গৰাকী শিক্ষাৰ্থীৰ কোভিড টেষ্ট কৰা হৈছিল আৰু ইয়াৰে ৬৬ গৰাকীৰ শৰীৰত কোভিড উপস্থিতি নিশ্চিত হৈছিল।

ইতিমধ্যে উচ্চ শিক্ষা প্ৰতিষ্ঠানখনৰ বিভাগ, পৰীক্ষাগাৰ, কেন্টিন আৰু লাইবেৰী আদি সকলো বন্ধ কৰি দিয়া হৈছে।

Related News