NORTHEAST NOW (Assamese)
অসম

ৰাষ্ট্ৰপতিৰ সাহসিকতাৰ বঁটাৰ বাবে নিৰ্বাচিত বোকাখাত থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতোপন চুতীয়া

Posted by: উত্তম শইকীয়া, বোকাখাত Updated by: উত্তম শইকীয়া, বোকাখাত August 15, 2022 7:09 am

President’s Medal for Gallantry service ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰাকক্ষণত বোকাখাতলৈ গৌৰৱ কঢ়িয়াই আনিছে এগৰাকী আৰক্ষী বিষয়াই।

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ঘোষিত হোৱা ৰাষ্ট্ৰপতিৰ সাহসিকতা পদকৰ বাবে নিৰ্বাচিত হৈছে বোকাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া,পৰিদৰ্শক বিতোপন চুতীয়া।

লগতে পঢ়ক: ২০৪৭ চনৰ ভিতৰত আমি আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ সপোন সম্পূৰ্ণৰূপে বাস্তৱায়িত কৰিমঃ ৰাষ্ট্ৰপতি মুৰ্মু

আৰক্ষী পৰিদৰ্শক হিচাবে বোকাখাতত যোগদান কৰাৰ পূৰ্বে কাৰ্বি আংলং জিলাত উপ পৰিদৰ্শক হৈ উগ্ৰপন্থীৰ বিৰোধী চলোৱা এক বিশেষ অভিযানত সাহসিকতা প্ৰদৰ্শন কৰাৰ বাবে বিতোপন চুতীয়ালৈ এই ৰাষ্ট্ৰপতিৰ বিশেষ সাহসিকতাৰ পদক আগবঢ়োৱা হৈছে ৷

আৰক্ষী পৰিদৰ্শক বিতোপন  চুতীয়া সম্প্ৰতি বোকাখাত থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৷ আৰক্ষী পৰিদৰ্শক গৰাকীৰ এই সাফল্যত বোকাখাত প্ৰেছ ক্লাবৰ লগতে বিভিন্ন সংগঠনে শুভেচ্ছা জ্ঞাপন কৰে ৷