NORTHEAST NOW (Assamese)

নৰ্থ ইষ্ট নাওৰ ‘আপোনাৰ মোৰ কথাৰে’ শীৰ্ষক মনোজ্ঞ আলোচনাত গণতন্ত্ৰ আৰু বাকস্বাধীনতা সম্পৰ্কত কি ক’লে অংশগ্ৰহণকাৰীসকলে?

April 28, 2022 8:53 pm · এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ ইষ্ট নাওত আজি ‘আপোনাৰ মোৰ কথাৰে’ শীৰ্ষক এটা ভাৰ্চুৱেল আলোচনা অনুষ্ঠান হৈ যায়। এক ঘণ্টাজোৰা অনুষ্ঠানটোৰ আঁত ধৰে বিশিষ্ট বুদ্ধিজীৱী ৰণেন কুমাৰ গোস্বামীয়ে। অংশগ্ৰহণ কৰে স্তম্ভলেখক পদ্মলোচন নাথ, অধ্যাপক ৰাজীৱ সন্দিকৈ, নৰ্থ ইষ্ট ছ’চিয়েল ট্ৰাষ্টৰ চেয়াৰমেন তচদ্দুক আৰিফুল হুছেইন আৰু নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক তথা বুদ্ধিজীৱী পৰেশ মালাকাৰে।

মনোজ্ঞ আলোচনা অনুষ্ঠানটোত দেশৰ সাম্প্ৰতিক পৰিস্থিতি, গণতন্ত্ৰ আৰু বাক স্বাধীনতাৰ বিষয়ে আলোকপাত কৰা হয়। অনুষ্ঠানটোৰ প্ৰথমতে পদ্মলোচন নাথে গণতান্ত্ৰিক প্ৰমূল্যবোধৰ বিষয়ে বক্তৃতা আগবঢ়ায়। তেওঁ ভিন্ন মতৰ সহাৱস্থান সহনশীলতা অবিহনে এখন দেশ গণতান্ত্ৰিক হৈ থাকিব নোৱাৰে বুলি মত আগবঢ়ায়। বৰ্তমান চৰকাৰে গণতন্ত্ৰক আঘাত কৰা বুলি তেওঁ কয়।

মোদী চৰকাৰে দেশৰ ইতিহাস বিকৃতকৰণৰ ওপৰত অধ্যাপক ৰাজীৱ সন্দিকৈয়ে আলোকপাত কৰে। তেওঁ কয় যে বৰ্তমান চৰকাৰে বুৰঞ্জীক গেৰুৱাকৰণ কৰে। ই চৰকাৰৰ সাম্প্ৰদায়িকতাবাদী ৰাজনীতি বুলি তেওঁ অভিমত প্ৰকাশ কৰে। লগতে তেওঁ কয় যে বৰ্তমান গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমত ঘূণে ধৰিছে।

আনহাতে, তচদ্দুক আৰিফুল হুছেইনে কয় যে চৰকাৰে নতুন বাগধাৰাৰ সৃষ্টি কৰিবলৈ ওলাইছে। এয়া হৈছে হিন্দুত্বৰ বাগধাৰা। তেওঁ অভিমত প্ৰকাশ কৰে যে এয়া ধৰ্মৰক্ষাৰ বাবে কৰা হোৱা নাই। বৰঞ্চ ক্ষমতাৰ ৰাজনীতিৰ বাবে হিন্দুত্বৰ ৰাজনীতি কৰা হৈছে।

অনুষ্ঠানটোৰ শেষত নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰে আটাইকেইজন বক্তাৰ বক্তব্যসমূহ পুনৰ আওঁৰায়। তেওঁ কয় যে আটাইকেইজন বক্তাৰেই বক্তব্যসমূহ ইটোৰ স’তে সিটোৰ সম্পৰ্ক আছে।

অনুষ্ঠানটোত বৰ্তমান অসমত কাৰাৰুদ্ধ হৈ থকা গুজৰাটৰ দলিত বিধায়ক জিগনেশ মেৱানী সন্দৰ্ভতো আলোচনা হয়।

Related News