NORTHEAST NOW (Assamese)

Cotton University: কটনিয়ানৰ বিজেপিত যোগদানৰ ঢৌ! গেৰুৱা শিৱিৰত যোগদান কটন বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ সভাপতি নিয়ৰ ডেকাৰ

July 16, 2022 1:15 pm · কল্পজোতি শইকীয়া, গুৱাহাটী

Cotton University student leader join BJP কটনিয়ানৰ বিজেপিত যোগদানৰ ঢৌ উঠিছে। কটন বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অভিষেক মহন্তৰ পাছতে এইবাৰ সভাপতি নিয়ৰ ডেকাই বিজেপিত যোগদান কৰিছে।

প্ৰাক্তন সভাপতি তথা কা আন্দোলনত ছাত্ৰ সমাজক প্ৰতিনিধিত্ব কৰা হিৰক পাটোৱাৰীয়েও কিছুদিন পূৰ্বে বিজেপিত যোগদান কৰিছিল।

মন্ত্ৰী পিযুষ হাজৰিকা আৰু বিজেপিৰ সভাপতি ভৱেশ কলিতাই গেৰুৱা টুপী আৰু বিজেপিৰ পতাকাৰে দললৈ আটাইকে আদৰিছে।

প্ৰায় ২০ গৰাকী কটনিয়ানে বিজেপিত যোগদান কৰাৰ লগতে NSUI ৰ সাধাৰণ সম্পাদক গুঞ্জন বৰ্মণেও যোগদান কৰে বিজেপিত।

Cottonian joins BJP

বিজেপিত নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ ৰাইজৰ সেৱা কৰিবলৈ ইচ্ছুক বাবে বিজেপিত যোগদান কৰা বুলি মন্তব্য কৰিছে কটন বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ সভাপতি নিয়ৰ ডেকাই।

আনহাতে, মন্ত্ৰী পিযুষ হাজৰিকাই যোগদানৰ পূৰ্বে যোগদানকাৰীক উদ্দেশ্যি কিছু পৰামৰ্শ দিয়ে।

তেওঁ কয়, “ৰাজনৈতিক নেতাক সাধাৰণ লোকে বেয়া চকুৰে চায় আৰু সমালোচনা কৰে। ৰাজনৈতিক নেতাসকল সমালোচনাৰ উৰ্দ্ধত গৈ সৎ ৰাজনৈতিক নেতা হিচাপে নিজক গঢ় দিব লাগিব। দেশ আগত আৰু দল পাছত তাৰ পাছতহে ব্যক্তি। মৃত্যু পৰ্য্যন্ত আৰু তেওঁ এৰিব নিবিচৰালৈকে ভাৰতৰ প্ৰধান মন্ত্ৰী হৈ থাকিব নৰেন্দ্ৰ মোদী।” 

Related News