NORTHEAST NOW (Assamese)

মণিপুৰ এৰি মধ্যপ্ৰদেশৰ নিৰ্বাচনী সভাত বিৰোধীক গালি দিয়াত ব্যস্ত দেশৰ প্ৰধানমন্ত্ৰী

June 28, 2023 8:23 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: June 29, 2023 6:21 pm

উত্থাপন হৈছে প্ৰশ্নৰ – বিদেশ ভ্ৰমণৰ পৰা কোনো শিক্ষা লোৱা নাই নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে? বিৰোধী নেতাক জে’ললৈ পঠাই বিজেপিৰ ভ্ৰষ্ট নেতাক পুৰস্কৃত কৰিব নেকি মোদীয়ে? দেশলৈ আহি কিমান ক্ষমতান্ধ তাৰ প্ৰমাণ দিছে নেকি প্ৰধানমন্ত্ৰী মোদীয়ে? মানুহৰ জীৱন সম্পত্তিতকৈ ভোট আৰু ক্ষমতাৰ প্ৰতিহে লালায়িত নেকি মোদীক? মোদীৰ বুকুৰ মানচিত্ৰত থাকে নেকি কেৱল নিৰ্বাচন হ’বলগীয়া ৰাজ্যহে? সেয়ে নিৰ্বাচন বুলিলেই প্ৰধানমন্ত্ৰী মোদীয়ে খাৱন-শোৱন বাদ দি ব্যস্ত হৈ পৰে নেকি?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ দাস দামোদৰ মোদীৰ বাবে দেশৰ নাগৰিকৰ জীৱন সম্পত্তি কোনো মূল্য নাই। মংগলবাৰে সেই কথাকে যেন প্ৰধানমন্ত্ৰী মোদীয়ে নিজেই প্ৰমাণ কৰি দিছে। কেৱল ক্ষমতাৰ বাবেই যে বলিয়া সেই কথাও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰমাণ কৰি দিছে। সেয়ে ছদিনীয়া বিদেশ ভ্ৰমণ সামৰি দেশত উপস্থিত হৈয়ে জলন্ত মণিপুৰৰ পৰিস্থিতি বুজ লোৱাৰ পৰিৱৰ্তে একপ্ৰকাৰে মধ্যপ্ৰদেশত নিৰ্বাচনী প্ৰচাৰত নামি পৰিল প্ৰধানমন্ত্ৰী মোদী।

উল্লেখ্য যে তিতা-কেহা অভিজ্ঞতাৰে প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকাৰ ভ্ৰমণ সামৰণি মাৰে। ওভতিৰ পথত দেশত কেতিয়াও মছজিদলৈ গৈ নোপোৱা মোদীয়ে ইজিপ্তৰ এক মছজিদতো প্ৰৱেশ কৰি আহে। সমগ্ৰ বিশ্বতে আমেৰিকাৰ ৰাজ আথিত্য গ্ৰহণ কৰিবলৈ যোৱা প্ৰধানমন্ত্ৰী মোদীৰ মুখা এইবাৰ খোল খাই পৰে। ৭৫ গৰাকী মাৰ্কিন ডেমক্ৰেট ছিনেটৰ, প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামা আৰু সাংবাদিক ছাব্ৰিনা ছিদ্দিকিয়ে মুখা খুলি দিলে প্ৰধানমন্ত্ৰী মোদীৰ। এই তিতা-কেহা অভিজ্ঞতাৰে দেশত উপস্থিত হল প্ৰধানমন্ত্ৰী মোদী। 

বিদেশৰ অভিজ্ঞতাৰ পৰা যেন কোনো শিক্ষা নল’লে প্ৰধানমন্ত্ৰী মোদীয়ে। মানুহৰ জীৱন নিৰপাত্তাক উপেক্ষা কৰি দৌৰিল ভোটৰ লালসাত। দেশত উপস্থিত হৈয়ে নিৰ্বাচন হ’বলগীয়া ৰাজ্যলৈ দৌৰিল প্ৰধানমন্ত্ৰী মোদী। প্ৰায় দুমাহে জ্বলি থকা মণিপুৰক পুনৰ কৰিলে চূড়ান্ত উপেক্ষা। প্ৰধানমন্ত্ৰী মোদীৰ মানচিত্ৰৰ পৰা লোপ পালে চাগৈ জলন্ত মণিপুৰ!

দিল্লীত উপস্থিত হৈয়ে প্ৰধানমন্ত্ৰী মোদীয়ে সোমবাৰে পুৱা মণিপুৰ হিংসাৰ সম্পৰ্কে একাংশ কেবিনেট সতীৰ্থৰে বৈঠকত মিলিত হয়। কিন্তু উক্ত বৈঠকতো প্ৰধানমন্ত্ৰী মোদীয়ে কোনো মন্তব্য নিদিলে, প্ৰকাশ নকৰিলে নিজৰ প্ৰতিক্ৰিয়া। গৃহমন্ত্ৰী অমিত শ্বাহ অথবা বিষয়াসকলকো কোনো ধৰণৰ নিৰ্দেশ প্ৰদান নকৰিলে মুক হৈ থাকিলে প্ৰধানমন্ত্ৰী মোদী। কিন্তু এই বৈঠকত মিলিত হোৱাৰ পাছতে দৌৰিল মধ্য প্ৰদেশৰ দলীয় এক জনসভালৈ, যত প্ৰধানমন্ত্ৰী মোদীয়ে টেটুফালি ফালি ভাষণ প্ৰদান কৰি বিৰোধীক হুংকাৰ দিয়ে। উল্লেখ্যে যে চলিত বৰ্ষৰ শেষৰ ফালে মধ্যপ্ৰদেশৰ বিধান সভা অনুষ্ঠিত হব। কৰ্ণাটকত পৰাস্ত হোৱাৰ পাছৰে পৰা বিজেপি শাসিত ৰাজ্যখনৰ ক্ষমতা ৰক্ষাৰ বাবে ছমাহৰ পূৰ্বে ককালত টঙালি বান্ধিছে বিজেপিয়ে। সেয়ে ৰাণী কমলাপতি ৰে’লৱে ষ্টেচনত বন্দে ভাৰতৰ ৰেল মুকলি কৰাৰ লগতে অংশগ্ৰহণ কৰে বিশাল দলীয় সভাত। 

মধ্যপ্ৰদেশত কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে? দুৰ্নীতিগ্ৰস্ত সকলোকে কাৰাগাৰলৈ নিক্ষেপ কৰাৰ হুংকাৰ মোদীৰ। প্ৰশ্ন হয়, কোনসকল ভ্ৰষ্টাচাৰীক জেললৈ নিক্ষেপ কৰিব মোদীয়ে? বিজেপিৰ ভ্ৰষ্টাচাৰী নেতা-মন্ত্ৰীসকলৰ বিৰুদ্ধে ব্যৱস্থা ল’ব নে মোদীয়ে? হিমন্ত বিশ্ব শৰ্মা, শিৱৰাজ সিং চৌহান, বি এচ য়েডিয়ুৰাপ্পা, ৰমেশ পখ্ৰিয়াল, নাৰায়ণ ৰাণে, মুকুল ৰয়, ৰেড্ডী ভাতৃদ্বয়ৰ আদিকো কৰিব নেকি কাৰাৰুদ্ধ? দুৰ্নীতিৰ অভিযোগ উঠা এইসকল বিজেপি নেতা-মন্ত্ৰীকো প্ৰধানমন্ত্ৰী মোদীয়ে জেললৈ নিক্ষেপ কৰিবলৈ সাহস কৰিব নে? নে কেৱল নিৰ্বাচনী বৈতৰণী পাৰ হবলৈ জনতাক মুৰ্খ সজাবলৈ এইদৰে হুংকাৰ দি থাকিব?  

ইতিমধ্যে দুৰ্নীতিগ্ৰস্ত বুলি অভিযোগ তুলি বিজেপি চৰকাৰে বহুকেইজন বিৰোধী নেতাক কাৰাৰুদ্ধ কৰি কৰিছে। ইয়াৰ সমান্তৰালভাৱে বিজেপি চৰকাৰেই দুৰ্নীতিগ্ৰস্ত আৰু ভ্ৰষ্টাচাৰত লিপ্ত থকা বুলি অভিযোগ তোলা একাংশ নেতাক বিজেপিলৈ বৰপীৰা পাৰি দি ৰাজক্ষমতাও অৰ্পণ কৰিছে। মোদীৰ এই বিজেপিয়েই দুৰ্নীতিগ্ৰস্ত বুলি এসময়ত অভিযোগ উত্থাপন কৰা হিমন্ত বিশ্ব শৰ্মাক মোদীৰ বিজেপিয়েই অসমত মুখ্যমন্ত্ৰী পাতিলে।  

মণিপুৰত ব্যৰ্থ হৈছে কেন্দ্ৰ আৰু ৰাজ্য, এতিয়াও মণিপুৰ অশান্ত। বিজেপিৰ নেতাই মণিপুৰত বিচাৰিছে ৰাষ্ট্ৰপতি শাসন। বিজেপিৰ ৰাজ্যিক নেতাৰ দাবী ব্যৰ্থ হৈছে বীৰেণ সিঙৰ বিজেপিৰ চৰকাৰ।

প্ৰায় ১৩০ গৰাকীৰো অধিক লোক নিহত আৰু কেবাহাজাৰো লোক আহত হোৱাৰ পাছতো মণিপুৰকলৈ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মণিপুৰৰ হিংসাত্মক ঘটনাত আক্ৰান্ত প্ৰায় অৰ্ধ লক্ষাধিক লোকে ঘৰ বাৰী হেৰুওৱাই আশ্ৰয় লৈছে আশ্ৰয় শিবিৰত। এনে এক ভয়ানক পৰিস্থিতি হোৱাৰ পাছতো মণিপুৰক বাহ্য কৰি ৰাখিছে প্ৰধানমন্ত্ৰী মোদীয়ে। 

প্ৰধানমন্ত্ৰী মোদীৰ এই আচৰণৰ বাবেই প্ৰশ্নৰ উদয় হৈছে, প্ৰধানমন্ত্ৰী মোদীৰ বাবে দেশৰ মানুহৰ জীৱন নিৰাপত্তা, সম্পত্তি কোনো মূল্যই নাই। প্ৰধানমন্ত্ৰী মোদীৰ বাবে ভোট তথা ক্ষমতাহে মুখ্য। সেয়ে প্ৰধানমন্ত্ৰী মোদীয়ে বিদেশৰ পৰা ওভতি আহিয়ে মণিপুৰৰ পৰিৱৰ্তে নিৰ্বাচন অনুষ্ঠিতব্য মধ্যপ্ৰদেশলৈ ঢাপলি মেলিলে। মোদীৰ মধ্য প্ৰদেশকলৈ এই তৎপৰতাই প্ৰমাণ কৰিছে মোদীৰ বুকুৰ মানচিত্ৰত উত্তৰ পূৰ্বৰ ৰাজ্যসমূহ নাই আছে কেৱল নিৰ্বাচন অনুষ্ঠিত হবলগীয়া ৰাজ্যসমূহ।

Related News