NORTHEAST NOW (Assamese)
Popular Stories

“মই ছলমান খানক হত্যা কৰিমেই” – কোনে ভাবুকি দিছে ছলমানক?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 28, 2023 9:10 pm

ছুপাৰষ্টাৰ ছলমান খানৰ জীৱন এতিয়াও যেন নিৰাপদ নহয়। শেহতীয়াকৈ পলাতক গেংষ্টাৰ গোল্ডি ব্ৰাৰে কয়, “মই ছলমান খানক হত্যা কৰিমেই।”

ইয়াৰ লগতে গোল্ডি ব্ৰাৰেও স্পষ্টকৈ কৈছিল যে তেওঁলোকেই মুশ্বেৱালাক হত্যা কৰিছিল। ইয়াৰ উপৰিও সোমবাৰে তেওঁ কয় যে তেওঁলোকৰ হত্যা কৰিবলগীয়া ব্যক্তিৰ তালিকাত ছলমান খানৰ নামো আছে।

ইণ্ডিয়া টুডেক প্ৰদান কৰা এক সাক্ষাৎকাৰত গোল্ডি ব্ৰাৰে কয় যে আমি ছলমান খানক হত্যা কৰিম। ইয়াৰ পূৰ্বে দিয়া এক সাক্ষাৎকাৰত গোল্টি ব্ৰাৰে কয় যে জেলত থকা গেংষ্টাৰ লৰেন্স বিষ্ণোই এবাৰ তেওঁক কৈছিল যে ছলমান খানক হত্যা কৰাটোৱেই তেওঁৰ জীৱনৰ লক্ষ্য।

গোল্ডি ব্ৰাৰে কয়, “আমি ইতিমধ্যে কৈছো যে ছলমান খান এতিয়া আমাৰ টাৰ্গেট। তাত কোনো সন্দেহ নাই। আমি চেষ্টা কৰিম – আমি এদিন সফল হম। সেই কথা সকলোৱে গম পাব।”

চলিত বৰ্ষৰ মাৰ্চ মাহত ছলমান খানক মৃত্যুৰ ভাবুকি দিছিল লৰেন্স বিষ্ণয়ৰ দলে। ভাইজানৰ এজন ঘনিষ্ঠ সহযোগীক ইমেইলৰ জৰিয়তে ভাবুকি প্ৰদান কৰা হৈছিল। ইয়াৰ পিছতে মুম্বাই আৰক্ষীৰ কাষ চাপিছিল ছলমান খান। 

ইমেইলটোত লিখা আছিল “গল্ডি ব্ৰাৰে আপোনাৰ বছ (ছালমান খানৰ) লগত কথা পাতিব বিচাৰে। তেওঁ নিশ্চয় (বিষ্ণয়ৰ) সাক্ষাৎকাৰটো দেখিছে আৰু যদি নাই তেন্তে তেওঁক চাবলৈ বাধ্য কৰাওক। এইবাৰ আমি সময়মতে আপোনালোকক অৱগত কৰিলোঁ। অহাবাৰ আপুনি মাত্ৰ স্তম্ভিত হ’ব।”

সিদ্ধু মুশ্বেৱাল হত্যাৰ সন্দৰ্ভত গোল্ডি ব্ৰাৰে কয়, “মুশ্বেৱালা আছিল এজন অহংকাৰী ব্যক্তি। তেওঁক শিক্ষা দিয়াৰ প্ৰয়োজন আছিল।” লগতে তেওঁ কয় যে মুশ্বেৱালাই ব্যক্তিগতভাৱে তেওঁলোকৰ বহু ক্ষতি কৰিছে। 

যোৱা মাহত কানাডাৰ মষ্ট ৱাণ্টেড তালিকাত শীৰ্ষস্থান দখল কৰিছিল গোল্ডি ব্ৰাৰে। আনহাতে, লৰেন্স এতিয়াও জেলত আছে। 

এতিয়া পলাতক গোল্ডি ব্ৰাৰে নিদ্ৰাহৰণ কৰিছে ছলমানখানৰ। নিৰাপত্তা আৰু জীৱনৰ প্ৰতি ভাবুকি আহি পৰিছে ছুপাৰষ্টাৰজনৰ।