NORTHEAST NOW (Assamese)
অসম

টংলাত ৰাজস্থানী সম্প্ৰদায়ৰ ‘নানী বাঈ ৰো মাইৰো’ পৰিৱেশন

Posted by: ছাজিদ খান September 25, 2018 4:48 pm
jain

ওদালগুৰিৰ টংলাৰ ৰাজস্থানী সম্প্ৰদায়ে স্থানীয় জৈন মন্দিৰত ‘নানী বাঈ ৰো মাইৰো’ পৰিৱেশন কৰে। টংলাৰ জৈন মন্দিৰত ২৩ ছেপ্টেম্বৰত আৰম্ভ হোৱা ৰাজস্থানী পৰম্পৰাৰ এই তিনি দিনীয়া ধৰ্মীয় সাংগীতিক অনুষ্ঠানটোৰ   ২৫ ছেপ্টেম্বৰত সামৰণি পৰে।

এই ধৰ্মীয় সংগীতানুষ্ঠানৰ আয়োজন কৰিছিল টংলাৰ শ্যাম ভক্ত মণ্ডল নামৰ সংস্থাটোৱে। সংস্থাটোৰ সম্পাদক নৰেশ ব্যাস আৰু সম্পাদক ৰোশন পাটোৱাৰীয়ে জনোৱা মতে ‘নানী বাঈ ৰো মাইৰো’ সকলো বয়সৰ ভক্তৰ পৰা প্ৰভূত সঁহাৰি লাভ কৰিবলৈ সক্ষম হয়।

এই ধৰ্মীয় অনুষ্ঠানটো উদ্বোধন কৰে গিৰিৰাজ ব্যাসে। আয়োজক কমিটীৰ যুটীয়া সম্পাদক বিশাল ডাগাই কৈছে যে প্ৰথম বাৰৰ বাবে টংলাত ‘মাইৰো’ অনুষ্ঠিত কৰা হৈছে।  তিনিচুকীয়াৰ ডুমডুমাৰ নৰেন্দ্ৰ শৰ্মা আৰু যোগীন্দৰ শৰ্মা নামৰ দুগৰাকী কাৰুশিল্পীও এই অনুষ্ঠানত উপস্থিত আছিল।

‘মাইৰো’ উৎসৱৰ সামৰণিৰ দিনা বিবাহিতা মহিলাসকলে ‘ৰাণী সতীৰ মংগলপথ’ পৰিৱেশন কৰে।