NORTHEAST NOW (Assamese)

শীঘ্ৰেই ভাৰতত মুকলি হ’ব Realme X50 Pro 5G; ভাৰতত কিমান হ’ব ইয়াৰ মূল্য?

February 22, 2020 8:18 pm · এন ই নাও নিউজ

ভাৰতত মুকলি কৰা হ’ব Realme X50 Pro 5G স্মাৰ্টফোনৰ হেণ্ডচেট।

Realme ৰ অফিচিয়েল ৱেবচাইট এই কথা ঘোষণা কৰিছে প্ৰতিষ্ঠানটোৱে।

অহা ২৪ ফেব্ৰুৱাৰীত দিল্লীত মুকলি কৰা হ’ব Realme X50 Pro 5G মোবাইল হেণ্ডচেটটো।

Realme য়ে জনাইছে যে দিল্লীৰ লগতে স্পেইনৰ মাদ্ৰিদত একেলগে অনলাইন যোগে মুকলি কৰা হ’ব এই স্মাৰ্টফোনৰ হেণ্ডচেট।

ভাৰতবৰ্ষত এই হেণ্ডচেটটোৰ দাম ৫০,০০০ হাজাৰ ভিতৰত হ’ব বুলি জনাইছে প্ৰতিষ্ঠানটোৱে।

উল্লেখ্য যে Realme X50 Pro 5G মোবাইল হেণ্ডচেটত ৬ টা কেমেৰা সংলগ্ন থাকিব। ইয়াৰে চাৰিটা বেক কেমেৰা আৰু দুটা কমেৰা থাকিব ফ্ৰ’ন্ট কেমেৰা হিচাপে।

ইয়াত থাকিব চুপাৰ মডেল AMOLED স্ক্ৰীণ ডিছপ্লে ।

Related News