NORTHEAST NOW (Assamese)
অসম

দিখৌৰ বুকুত পতিত গাড়ীখনৰ সন্ধান পালে এছ ডি আৰ এফে; একেলগে আছে হৰেন বৰাৰ পৰিয়ালৰ পাঁচটা মৃতদেহ

Posted by: এন ই নাও নিউজ September 5, 2018 11:16 am
Dikhow_5thDay

দিখৌ নদীত পাঁচদিন পূৰ্বে ডুবযোৱা ছুইফট ডিজায়াৰ গাড়ীখন আৰু হৰেন বৰাৰ পৰিয়ালটোৰ সন্ধান পোৱা গ’ল আজি পঞ্চম দিনত।

এছ ডি আৰ এফৰ দলে গাড়ীখনৰ সন্ধান পায় আজি পুৱা ৯.৩০ বজাত। বৰ্তমান গাড়ীখন টানি নদীৰ পৰা উঠোৱাৰ চেষ্টা কৰি আছে।

গাড়ীখনতে পৰিয়ালটোৰ পাঁচজন লোকৰ মৃতদেহকেইটা থকা বুলি নিশ্চিত কৰিছে উদ্ধাৰকাৰী বাহিনীয়ে।

উল্লেখযোগ্য যে যোৱা ১ ছেপ্তেম্বৰত দুৰ্ভাগ্যজনকভাৱে গোটেই পৰিয়াল সহ গাড়ীখন নদীত পৰিছিল। যোৱা চাৰি দিন ধৰি গাড়ী আৰু দুৰ্ঘটনাগ্ৰস্ত পৰিয়ালটোৰ সদস্যসকলৰ শুংসূত্ৰ উলিয়াব পৰা নাছিল এছ ডি আৰ এফ আৰু এন ডি আৰ এফ বাহিনীয়ে। ফলত নৌসেনাৰ দলো আহিছিল যদিও কালি দিনটো অভিযান চলায়ো সফল হোৱা নাছিল নৌসেনা বাহিনী।