NORTHEAST NOW (Assamese)

মুছলমান লোকক কিয় ফ্লেট বিক্ৰী কৰিব? পঞ্জীয়ন বাতিল কৰাৰ দাবীত প্ৰতিবাদ এপাৰ্টমেন্টৰ আবাসীৰ

December 7, 2024 4:56 pm · এন ই নাও নিউজ

উত্তৰ প্ৰদেশৰ মোৰাদাবাদৰ এখন সমাজে মুছলমান পৰিয়ালক ফ্লেট বিক্ৰী কৰাক লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে।

চিকিৎসক অশোক বাজাজৰ ফ্লেট বিক্ৰীক লৈ আৰম্ভ হৈছে এই প্ৰতিবাদ। এটা মুছলমান পৰিয়ালে সেই ফ্লেটটো ক্ৰয় কৰাক লৈ আন বাসিন্দাসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে।

বিভিন্ন সংবাদ মাধ্যমৰ বাতৰি অনুসৰি মোৰাদাবাদৰ এখন সমাজত এই অলিখিত নিয়ম বলবৎ আছিল, যদিও কোনো স্পষ্ট নিৰ্দেশনা নাছিল। নিয়ম অনুসৰি হিন্দুৰ বাহিৰে তাত আন কোনো সম্প্ৰদায়ৰ লোকক ঘৰ ভাড়া বা বিক্ৰী কৰিব নোৱাৰিব।

কিন্তু চিকিৎসকগৰাকীয়ে তেওঁৰ ফ্লেটটো এজন মুছলমান মানুহক বিক্ৰী কৰি দিলে। ফলত মঙলবাৰৰ পৰা ৰাইজে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰীয়ে জনোৱা মতে, যোৱা সপ্তাহত ডাঃ অশোক বাজাজে নিজৰ ফ্লেট ইউনুছ চৌধুৰীক বিক্ৰী কৰিছিল।

প্ৰতিবাদকাৰীসকলে অশোক বাজাজৰ ওপৰত হেঁচা প্ৰয়োগ কৰি ফ্লেটৰ পঞ্জীয়ন শীঘ্ৰে বাতিল কৰিবলৈ দাবী জনাইছে। পঞ্জীয়ন বাতিল নোহোৱালৈকে এই আন্দোলন অব্যাহত ৰাখিব বুলি সকীয়াই দিছে।

বুধবাৰে সন্ধিয়া হাউছিং এছ’চিয়েশ্যনৰ সদস্যসকলে বৈঠকত মিলিত হয়। সন্থাৰ সভাপতি অমিত ভাৰ্মাই কয় যে পৰিয়ালটোক ইয়াৰ পৰা উচ্ছেদ নকৰালৈকে আমি এই আন্দোলন অব্যাহত ৰখাৰ সিদ্ধান্ত লৈছো।

সেই বাসগৃহৰ এজন বাসিন্দাই কৈছিল, আমি সকলোৱে টিডিআই চিটি হাউছিং ছ’চাইটিৰ বাসিন্দা। এই স্থানত প্ৰায় ৪৫০ টা হিন্দু পৰিয়াল আছে। যোৱা কেইবছৰমানৰ পৰা সকলোৱে ইয়াত বাস কৰি আহিছে। আমি ইয়াত কোনো মুছলমান পৰিয়াল নিবিচাৰো। ইয়াত যদি এটা মুছলমান পৰিয়ালক প্ৰৱেশ কৰিবলৈ দিয়া হয়, তেন্তে ভৱিষ্যতে আৰু বহুতো মুছলমান পৰিয়াল আহিব। স্থানীয় প্ৰশাসনৰ লগত কথা পাতি আমি এই পঞ্জীয়ন বাতিলৰ বাবে আৱেদন জনাইছোঁ।

Related News