NORTHEAST NOW (Assamese)

Recognition for Social Work বিশ্বনাথৰ ‘ৰুৰেল হেল্থ এণ্ড উই’ স্বেচ্ছাসেৱী সংগঠনলৈ ‘সন্ত ঈশ্বৰ সেৱা এৱাৰ্ড

November 26, 2021 11:47 am · কাজি জেইদুল ইছলাম, বিশ্বনাথ

Recognition for Social Work বিশ্বনাথ চাৰিআলি নগৰৰ মাজ মজিয়াত অৱস্থিত কে. পি. মেমৰিয়েলৰ স্বত্ত্বাধিকাৰী ডাঃ অমল শ‌ইকীয়াই কঢ়িয়াই আনিছে এক গৌৰৱ।

দৰাচলতে বিশ্বনাথ চাৰিআলিৰ ‘ৰুৰেল হেল্থ এণ্ড উই’ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে বিশেষকৈ সেই সংগঠনটোৰে প্ৰতিস্থাপক সভাপতি ডাঃ অমল শইকীয়াৰ নিস্বাৰ্থ আৰু আশাশুধীয়া প্ৰচেষ্টাত বিশেষভাৱে সক্ষম শিশুসকলৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক উৎকৰ্ষ সাধনৰ কাৰণে গঢ় লৈ উঠা ‘ৰেঙণি’ নামৰ অস্থায়ী বাসগৃহত এতিয়া আনন্দ আৰু সন্তুষ্টিৰ বা বলিছে।

কাৰণ সমাজৰ অৱহেলিত, অসহায় এই বিশেষভাৱে সক্ষম দেৱ শিশুসকলক চৰকাৰী সাহায্য নোলোৱাকৈ নিস্বাৰ্থভাৱে সহায়ৰ হাত আগবঢ়াই অহাৰ বাবে ‘ৰুৰেল হেল্থ এণ্ড উই’ স্বেচ্ছাসেৱী সংগঠনক সন্ত ঈশ্বৰ ফাউণ্ডেচন আৰু ৰাষ্ট্ৰীয় সেৱা ভাৰতীয়ে আগবঢ়োৱা ‘সন্ত ঈশ্বৰ সেৱা সন্মান ২০২১’ প্ৰদান কৰা হৈছে।

Also Read: Junior Hockey World Cup চক দে ইণ্ডিয়া! জুনিয়ৰ হকী বিশ্বকাপত কানাডাক ১৩-১ গ’লত হৰুৱালে ভাৰতে

এই সন্মান দেশৰ ১৬টি সংগঠন আৰু ব্যক্তিক ২০২১চনৰ সন্মানৰ বাবে নিৰ্বাচিত হৈছিল আৰু অসমৰ পৰা ‘ৰুৰেল হেল্থ এণ্ড উই’ (২০০২ ত স্থাপন) হ’ল দ্বিতীয়টো সংগঠন।

২১ নৱেম্বৰ তাৰিখে নতুন দিল্লীৰ বিজ্ঞান ভৱনত আৰ.এছ.এছ. প্ৰধান মোহন ভাগৱত আৰু কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন মুণ্ডাৰ পৰা গ্ৰহণ কৰে এই বঁটা। কেইবাজনো গণ্যমান্য ব্যক্তিৰ উপস্থিতিত এই সন্মান প্ৰদান কৰা হয়।

Also Read: Covid-19 Update দেশত বৃদ্ধি পালে দৈনিক সংক্ৰমণ; কৰ’নাৰ নতুন প্ৰজাতিক লৈ উদ্বেগ

এই বঁটাত সন্মান হিচাপে আছে নগদ এক লাখ টকা, এটা ট্ৰফী আৰু এখনি প্ৰশস্তি পত্ৰ।

‘ৰুৰেল হেল্থ এণ্ড উই’ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ প্ৰতিস্থাপক সভাপতি ডাঃ অমল শইকীয়াই এই বিশেষ বঁটা গ্ৰহণ কৰি সমগ্ৰ বিশ্বনাথলৈ গৌৰৱ কঢ়িয়াই অনাত স্বেচ্ছাসেৱী সংগঠনটোৰ প্ৰতিগৰাকী বিষয়ববীয়াৰ মাজত উৎসাহৰ পৰিৱেশ সৃষ্টি হৈছে । 

Related News