NORTHEAST NOW (Assamese)

Kacha Badam Viral Story: ‘কাচা বাদাম’ গান গাই ভাইৰেল ভুৱন; শীৰ্ষত কীৰ্তি, বন্ধ হ’ল বিক্ৰী, এতিয়া পিচে কি?

December 12, 2021 9:57 am · এন ই নাও নিউজ, গুৱাহাটী

Kacha Badam Viral Story স্বল্প খ্যাতিৰ গল্প বহুত শুনা যায়। উদাহৰণ ৰাণু মণ্ডল। কিন্তু খ্যাতিয়ে কঢ়িয়াই অনা বিড়ম্বনাও কোনোগুণে কম নহয় এই হঠাৎ তাৰকা হৈ পৰা লোকশিল্পীসকলৰ।

শেহতীয়াকৈ কাচা বাদাম গান গাই অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰিছে পশ্চিমবংগৰ বীৰভূমৰ বাদাম বিক্ৰেতা ভুৱন বাদ্যকৰে। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে তেওঁৰ গান।

গান গাই জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহন কৰিলেও বাদামৰ বিক্ৰী বন্ধ হৈ পৰিল ভুৱনৰ। শনিবাৰে ভুৱনে কলকাতাৰ পৌৰনিগমৰ নিৰ্বাচনী প্ৰচাৰত নমা দেখা গৈছে।

Also Read: PM Modi Twitter handle hacked: চৰকাৰে দিছে বিনামূলীয়া বিটকয়েন! মাজনিশা হেক হ’ল প্ৰধানমন্ত্ৰী মোদীৰ টুইটাৰ একাউন্ট

তৃণমূল কংগ্ৰেছৰ নেতা মদন মিত্ৰই লগ পাই ভুৱনৰ গানত মুগ্ধ হৈ ২০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছে। মদন মিত্ৰই ভুৱনৰ সৈতে একেলগে কাচা বাদামৰ গানত সুৰো মিলায়।

তৃণমূলৰ বিধায়ক মদন মিত্ৰই পৌৰনিগমৰ ভোটগ্ৰহণৰ দিনা প্ৰতিটো ৱাৰ্ডৰ দলৰ কৰ্মীসকলৰ বাবে ভজা বাদামৰ অৰ্ডাৰ দিয়ে।

কেইদিনমান পূৰ্বে ভুৱন বাদ্যকৰে তেওঁৰ অভিযোগ লৈ দুবৰাজপুৰ থানাত উপস্থিত হৈছিল। তেওঁৰ অভিযোগ যে তেওঁ গান গাইছে যদিও প্ৰাপ্য ধন পোৱা নাই। ইউটিবাৰসকলে তেওঁৰ গান ৰেকৰ্ড কৰি ছচিয়েল মিডিয়াৰ জৰিয়তে লাখ লাখ টকা উপাৰ্জন কৰিছে।   

Also Read:Omicron in Assam অসমত চিনাক্ত প্ৰথমগৰাকী অ’মিক্ৰণ আক্ৰান্ত ব্যক্তি; ৰাজ্যত নিম্নগামী কোভিডৰ সংক্ৰমণ

উল্লেখ্য যে এগৰাকী বাদাম বিক্ৰেতা ভুৱন বাদ্যকৰে গোৱা ‘বাদাম বাদাম দাদা কাচা বাদাম, আমাৰ কাছে নাই গো বুবু ভাজা বাদাম’ (বাদাম বাদাম কেঁচা বাদাম, মোৰ তাত নাই ঐ ভন্টি ভজা বাদাম) গানটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।

ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এই গানৰ ভিডিঅ’টো বিশ্বৰ কেইবা মিলিয়ন লোকে চাইছে।     

Related News