NORTHEAST NOW (Assamese)

আজিও বিদ্যমান গুৰুজনাৰ পদ শিলা; টীয়কৰ মেলেং বালিচাপৰিত অনাদৃত শ্ৰী শ্ৰী দীঘলী সত্ৰ

September 11, 2021 12:56 pm · নিৰ্মলেন্দু পাঠক
ফটো: নৰ্থইষ্ট নাও।

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ পৰিণাতি শাৰংগপাণি দেৱে ১৫৮৫ শকত মাজুলী জিলাৰ বনগাঁৱৰ সমীপৰ দীঘলী নৈৰ পাৰত ঐতিহ্য মণ্ডিত শ্ৰী শ্ৰী দীঘলী সত্ৰ প্ৰতিষ্ঠা কৰিছিল।

অসমৰ মহাপুৰুষীয়া চাৰি সত্ৰ কৰোৱা, কোৱামৰা, দীঘলী আৰু চামগুৰি সত্ৰৰ যশ খ্যাতি এসময়ত যথেষ্ট আছিল, কিন্তু আৰ্থিক অৱস্থা ভাল নোহোৱাৰ বাবে সত্ৰৰ পূৰ্বৰ যশ ক্ৰমাৎ হেৰাই যোৱাৰ উপক্ৰম হৈছে।

মাজুলীত প্ৰতিষ্ঠা লাভ কৰা এই দীঘলী সত্ৰভাগ ব্ৰহ্মপুত্ৰ নদীৰ বান আৰু খহনীয়াত তিষ্ঠিব নোৱাৰি যোৰহাট জিলাৰ টীয়কৰ মেলেং বালিচাপৰি অঞ্চললৈ ১৮৫৫ চনত উঠি আহে।

বালিচাপৰি অঞ্চলৰ ৰাইজৰ আবদালত আজি বহু বছৰ অতিক্ৰম কৰা সত্ৰখনৰ অৱস্থা বৰ্তমান দুখ লগা।

উল্লেখযোগ্য যে গুৰুজনাৰ “পদ শিলা “থকা সত্ৰ ভাগে আজিলৈকে চৰকাৰী কোনো অনুদান নোপোৱাটো পৰিতাপৰ কথা।

জানিব পৰা মতে সত্ৰখনৰ উন্ন‌য়নৰ বাবে চৰকাৰৰ ওচৰত বহুবাৰ আবেদন জনাই আহিছে যদিও এই পৰ্যন্ত কোনো সদুত্তৰ লাভ কৰা নাই ।

সেয়ে বৰ্তমান মুখ্যমন্ত্ৰী গৰাকীলৈ সত্ৰখনৰ প্ৰতি সুদৃষ্টি দিয়াৰ বাবে আশাৰে আহ্বান জনাইছে ভকত বৈষ্ণৱসকলে।

Related News