NORTHEAST NOW (Assamese)
অসম

অহা তিনি-চাৰি দিনলৈ ৰাজ্যত হ’ব ধুমহা, ব্ৰজপাত আৰু বৰষুণ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 15, 2023 11:56 am

অহা তিনি চাৰি দিন ধৰি অসমত প্ৰবল বৃষ্টিপাত হ’ব। লগতে হ’ব প্ৰচণ্ড ধুমুহা আৰু ব্ৰজপাত। এই তথ্য প্ৰদান কৰি ৰাজ্যবাসীক সাৱধানবাণী শুনাই দিছে গুৱাহাটীৰ বতৰ বিজ্ঞান কেন্দ্ৰই।

বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে ১৫ মাৰ্চৰ পৰা ১৮ মাৰ্চলৈ ৰাজ্যত প্ৰচুৰ বৰষুণৰ লগতে ধুমুহাবজ্ৰপাত আৰু শিল বৰষুণ অহাৰ সম্ভাৱনা আছে।

বুধবাৰে এই সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰইবতৰ বিজ্ঞান কেন্দ্ৰৰ এই সতৰ্কবাণীৰ পিছতেই আজি ৰাজ্যৰ বিভিন্ন অঞ্চলকে ধৰি মহানগৰী গুৱাহাটীতো প্ৰবল বৰষুণ, শিলাবৃষ্টি, ধুমুহা আৰু বজ্ৰপাত অহাৰ পৰিলক্ষিত হৈছে।

উল্লেখ্য যে, কেইদিনমান পূৰ্বে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা তথ্য অনুসৰি অসমত বৰষুণৰ পৰিমাণ ৭৬ শতাংশলৈ হ্ৰাস পাইছে। জানুৱাৰীফেব্ৰুৱাৰী মাহত অসমত যিমান বৰষুণ ব লাগে তাতকৈ প্ৰায় ৭৬ শতাংশ কম বৰষুণ হৈছে। কেৱল অসমতেই নহয় উত্তৰঃপূৰ্বাঞ্চলৰ গোটেইকেইখন ৰাজ্যতেই বৰষুণৰ পৰিমাণ অস্বাভাৱিক হাৰত হ্ৰাস পাইছে বুলি জানিবলৈ দিছে বতৰ বিভাগ কেন্দ্ৰই।