NORTHEAST NOW (Assamese)

শত্ৰুৰ ড্ৰোনৰ অৱস্থা আকাশতে হ’ব তথৈবচ! ভাৰতৰ ‘ভাৰ্গৱস্ত্ৰ’ৰ বাবে কঁপিছে পাকিস্তান

May 14, 2025 7:50 pm · এন ই নাও নিউজ, গুৱাহাটী

ভাৰতে অপাৰেচন সিন্দুৰৰ জৰিয়তে সমগ্ৰ বিশ্বক নিজৰ সামৰিক শক্তি প্ৰদৰ্শন কৰিছে। দিল্লীয়ে চাৰিদিন পূৰ্বে পাকিস্তানৰ সৈতে যুদ্ধবিৰতিৰ বাবে সন্মতি দিছিল। কিন্তু স্পষ্ট কৰি দিয়া হৈছে যে যদি পাকিস্তানে আক্ৰমণ কৰে তেন্তে ভাৰতীয় সেনাই উপযুক্ত উত্তৰ দিব। সকলো প্ৰকাৰে সাজু। এই পৰিবেশত ড্ৰোন আক্ৰমণ প্ৰতিহত কৰিবলৈ ভাৰ্গস্ত্ৰৰ দখলত আহিছে সেনাই। এই কম খৰচী এণ্টি ড্ৰন ব্যৱস্থা থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছে। যিয়ে ভাৰতৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা আৰু অধিক শক্তিশালী কৰিব।

মঙলবাৰে ওড়িশাৰ গোপালপুৰ উপকূলত ভাৰ্গবস্ত্ৰৰ সফল পৰীক্ষা। এই ক্ষুদ্ৰ পৰিসৰৰ এণ্টি ড্ৰন ৰকেট ব্যৱস্থাটো ছলাৰ ডিফেন্স এণ্ড এৰস্পেচ লিমিটেডে (এছডিএল) নিৰ্মাণ কৰিছে। প্ৰস্তুতকাৰক ছলাৰ গ্ৰুপে কয় যে এই ড্ৰন ধ্বংসকাৰী ব্যৱস্থাটো মাইক্ৰ মিছাইলৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে। এই প্ৰতিৰক্ষা ব্যৱস্থাই ভৱিষ্যতে যিকোনো ড্ৰোন আক্ৰমণ প্ৰতিহত কৰাত সহায় কৰিব। প্ৰায় ডেৰ-দুই কিলোমিটাৰ দূৰত্বলৈকে সন্দেহজনক ড্ৰনৰ গতিবিধি ধৰা পেলোৱাৰ ক্ষমতা ভাৰ্গস্ত্ৰত আছে। আকাশত ৰাডাৰৰ ৰেঞ্জ ৬ৰ পৰা ১০ কিলোমিটাৰ। ক্ৰছ ছেকচন ড্ৰন ধৰা পেলাবলৈ ই অ/আই আৰ চেন্সৰ আছে।

জানিব পৰা মতে, ভাৰতীয় ভূখণ্ড আৰু যুদ্ধৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ব্যৱস্থাটো ডিজাইন কৰা হৈছে। এই ক্ষেপণাস্ত্ৰ ভাৰতৰ বিভিন্ন ভৌগোলিক অঞ্চলত, সেয়া মৰুভূমি হওক বা সমভূমি হওক, ,০০০ মিটাৰ পৰ্যন্ত উচ্চতাৰ পাহাৰীয়া অঞ্চললৈ নিয়োগ কৰিব পাৰি। ফলত ভাৰ্গস্ত্ৰই বিভিন্ন দুৰ্গম স্থানৰ পৰাও শত্ৰুৰ ড্ৰনৰ জাক ধ্বংস কৰিব। এই ক্ষেপণাস্ত্ৰক কেইবাটাও স্তৰৰ মাজেৰে সুৰক্ষিত কৰা হৈছে। এই সঁজুলিটোৱে প্ৰতিপক্ষৰ ড্ৰনৰ সংকেত জাম কৰি ধ্বংস কৰিবলৈ সক্ষম। ভাৰতীয় সেনাৰ এয়াৰ ডিফেন্স ডিভিজনৰ এজন বিষয়াৰ উপস্থিতিত ভাৰ্গবস্ত্ৰৰ পৰীক্ষামূলক উৎক্ষেপণ কৰা হয়। এই অত্যাধুনিক ক্ষেপণাস্ত্ৰই সফলতাৰে প্ৰতিটো মাপকাঠী অতিক্ৰম কৰিছে। ফলত পাকিস্তানে এই এণ্টি ড্ৰন ব্যৱস্থা দেখি চিন্তিত হৈ পৰিছে।

Related News