NORTHEAST NOW (Assamese)
Popular Stories

যুদ্ধক্ষেত্ৰত অশান্ত প্ৰহৰ! ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ হৈ যুঁজ দিয়া প্ৰতাৰিত ভাৰতীয়ৰ কাহিনী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 19, 2024 12:17 pm

যোৱা সপ্তাহত ভাৰত চৰকাৰে ঘোষণা কৰিছিল যে ইউক্ৰেইনৰ সৈতে দেশখনৰ যুদ্ধত ৰাছিয়াৰ বাহিনীৰ হৈ যুঁজি প্ৰতাৰিত ৯১ জন ভাৰতীয়ৰ ভিতৰত ডজন সংখ্যক ভাৰতীয়ক ৰাছিয়াই মুকলি কৰি দিছে। ইয়াৰ পিছত তেওঁলোকৰ কেইবাজনো ঘৰলৈ উভতি আহিছে, আনহাতে আনবোৰক ঘূৰাই অনাৰ প্ৰক্ৰিয়া চলি আছে। বিবিচিৰ নেয়াজ ফাৰুকীৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে তেওঁলোকৰ কিছুমানৰ সংগ্ৰামৰ কথা।

“মই আতংকিত হৈ পৰিছো। মই নিৰাপদে উভতি আহিম নে বাকচত যাম সেই বিষয়ে নিশ্চিত নহয়। অনুগ্ৰহ কৰি মোক বচাওক।”

চলিত ফেব্ৰুৱাৰী মাহত তৃতীয় বছৰত ভৰি দিয়া ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ যুদ্ধত ফ্ৰণ্টলাইনৰ পৰা মুক্তি পোৱাৰ কেইদিনমান পূৰ্বে ইউক্ৰেইনৰ দক্ষিণৰ এখন চহৰৰ বাহিৰৰ পৰা বিবিচিলৈ প্ৰেৰণ কৰা এই বাৰ্তাটো হৈছে ভাৰতীয় প্ৰাক্তন সৈনিক উৰ্গেন টামাঙৰ।

যুদ্ধত যুঁজিবলৈ বাধ্য হোৱা ৯১ জন ভাৰতীয়ৰ ভিতৰত টামাংও অন্যতম। ইয়াৰে অধিকাংশই দৰিদ্ৰ পৰিয়ালৰ আৰু এজেণ্টে ধন আৰু চাকৰিৰ প্ৰতিশ্ৰুতি দি প্ৰলোভিত কৰিছিল। কেতিয়াবা ৰাছিয়াৰ সেনাবাহিনীৰ “সহায়ক” হিচাপে।

তেওঁলোকক যুদ্ধক্ষেত্ৰলৈ পঠিওৱা হ’ল। তেওঁলোকৰ বহুতেই কয় যে তেওঁলোক ৰাছিয়াৰ নিয়ন্ত্ৰণত ইউক্ৰেইনৰ কিছু অংশত নিয়োজিত হৈ আছে, য’ত তেওঁলোকে কম সামৰিক প্ৰশিক্ষণ বা একেবাৰেই নোহোৱাকৈয়ে লেণ্ডমাইন, ড্ৰ’ন, মিছাইল আৰু স্নাইপাৰ আক্ৰমণত সহায় কৰিবলগীয়া হৈছিল।

এই সংঘাতত এতিয়ালৈকে ৯ জন ভাৰতীয়ৰ মৃত্যু হৈছে আৰু ভাৰতীয় কৰ্তৃপক্ষই মানৱ সৰবৰাহৰ অপৰাধত ১৯ জন লোকক গ্ৰেপ্তাৰ কৰা বুলি জনাইছে।

জুলাই মাহত ৰাছিয়াই নিজৰ সেনাবাহিনীত যুঁজি থকা সকলো ভাৰতীয়ক আগতীয়াকৈ মুক্তি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মস্কো ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ আগত এই বিষয়টো উত্থাপন কৰিছিল। পৰম্পৰাগতভাৱে দুয়োখন দেশৰ মাজত এক উষ্ম সম্পৰ্ক আছে।

লগতে পঢ়কঃ তিৰুপতি মন্দিৰৰ প্ৰসাদত মিহলোৱা হয় জন্তুৰ চৰ্বি! অন্ধ্ৰৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবুৰ অভিযোগ

ইয়াৰে ৪৫ গৰাকীক তাৰ পিছৰে পৰা মুকলি কৰি দিয়া হৈছে। কিছুমানে নিৰাপদে ঘৰলৈ উভতি আহিছে, আনহাতে টামাঙৰ দৰে আন কিছুমানো উভতনি বাটত।

ফেব্ৰুৱাৰী মাহত ৰাছিয়াৰ সেনাবাহিনীত যোগদান কৰা ৰাজস্থানৰ এজন ইলেক্ট্ৰিচিয়ান সুনীল কাৰ্ৱাই কয় যে মই বিশ্বাস কৰিব নোৱাৰো যে মই তাৰ পৰা উভতি আহিছো। ইউক্ৰেইনৰ পূবৰ তীব্ৰ যুদ্ধ সংঘটিত বাখমুটৰ ওচৰত নিয়োজিত সুনীলে বিবিচিৰ সৈতে কথা পতাৰ সময়ত মস্কো বিমানবন্দৰত নিজৰ বিমানত উঠিবলৈ অপেক্ষা কৰি আছিল।

কাৰ্ৱাই মৃত্যু আৰু ধ্বংসৰ দৃশ্য বৰ্ণনা কৰিছিল। যিটো বাস্তৱতাই তেওঁক আটাইতকৈ বেছি আঘাত কৰিছিল সেইটো হৈছে যেতিয়া তেওঁৰ ওচৰৰ গাঁৱৰ এজন লোক যুদ্ধক্ষেত্ৰত গুলীত আহত হৈছিল।

তেওঁ জনায়, ‘আঘাতৰ ১৫ দিনৰ পাছত তেওঁক ফ্ৰণ্টলাইনলৈ ঘূৰাই পঠিয়াইছিল আৰু তেওঁ যুদ্ধক্ষেত্ৰত অজ্ঞান হৈ পৰিছিল। এতিয়া তেওঁ পক্ষাঘাতগ্ৰস্ত।’

তেওঁৰ দৰেই আন নিযুক্তিপ্ৰাপ্তসকলৰ অধিকাংশও আছিল ১৯ৰ পৰা ৩৫ বছৰৰ ভিতৰৰ শ্ৰমিক, যিসকলক ভাৰত, ডুবাই আৰু ৰাছিয়াত ভিত্তি কৰি এজেণ্টে নিযুক্তি দিছিল।

তেওঁলোকে কয় যে তেওঁলোকৰ চুক্তি ৰাছিয়ান ভাষাত আছিল, যিটো ভাষা তেওঁলোকে বুজি নাপালে। তথাপিও তেওঁলোকে ইয়াত স্বাক্ষৰ কৰিছিল উন্নত সুযোগ পোৱাৰ আশাত।

কাৰ্ৱাই কয় যে প্ৰক্ৰিয়াটো ইমানেই ক্ষীপ্ৰ আছিল যে মাত্ৰ কেইটামান স্বাক্ষৰ আৰু ফটো আৰু আমি সেনাবাহিনীত সোমাইছিলো।

এজন শিক্ষা পৰামৰ্শদাতাই তেওঁক প্ৰতাৰণা কৰি অস্তিত্বহীন কলেজত নামভৰ্তি কৰোৱাৰ পিছত ফেব্ৰুৱাৰী মাহত শেষ উপায় হিচাপে সেনাবাহিনীত যোগদান কৰে ৰাজা পাথানে।

পাথানে কয়, “তাত উপস্থিত হোৱাৰ সময়ত সেনাবাহিনীৰ বাবে নিযুক্তিৰ বিজ্ঞাপন দিয়া বেনাৰ দেখিলোঁ। তেতিয়ালৈকে মই ইমান সময় আৰু ধন খৰচ কৰিছিলোঁ যে যিকোনো প্ৰকাৰে যোগদান কৰাৰ সিদ্ধান্ত লৈছিলোঁ।’

দুজন বন্ধুৰ মৃত্যুৱেই অৱশেষত পাথানক সেনাবাহিনী এৰিবলৈ বাধ্য কৰিলে। আগষ্ট মাহত তেওঁক মুকলি কৰি দিয়া হৈছিল। এজন সহানুভূতিশীল ৰাছিয়ান কমাণ্ডাৰৰ সহায়ত তেওঁৰ প্ৰস্থান সম্ভৱ হৈছিল।

এতিয়া মস্কোত ভিত্তি কৰি তেওঁ আন ভাৰতীয়সকলক তাৰ পৰা পলায়ন কৰাত সহায় কৰে।

দক্ষিণৰ তেলেংগানা ৰাজ্যৰ মহম্মদ চুফিয়ানে আন পাঁচজন লোকৰ সৈতে ১২ ছেপ্টেম্বৰত ভাৰতলৈ উভতি আহিছিল।

ঘৰত নিৰাপদে তেওঁ ফ্ৰণ্টলাইনত জীয়াই থকাৰ আঘাত কঢ়িয়াই লৈ ফুৰে। তাত জিৰণি কম আছিল আৰু আৰম্ভণিতে ২৫ দিন পৰিয়ালৰ সৈতে কথা পাতিব পৰা নাছিল।

লগতে পঢ়কঃ দেশৰ বিভিন্ন কাৰ্যালয়ত ৭০ শতাংশ কৰ্মচাৰী অসুখী, ৫৪ শতাংশই ভাবিছে পদত্যাগৰ কথা, কিন্তু কিয়?

আটাইতকৈ আঘাত পোৱা মুহূৰ্তটো আহিছিল ফেব্ৰুৱাৰী মাহত যেতিয়া গুজৰাটৰ এজন ভাৰতীয় লোক তেওঁৰ বন্ধু হেমিল মাংগুকিয়াক তেওঁৰ চকুৰ সন্মুখতে হত্যা কৰা হৈছিল।

“তেওঁ মোৰ পৰা মাত্ৰ ১৫ মিটাৰ দূৰত আছিল, ক্ৰিংকিৰ ওচৰত [খেৰচনত] খাদ খান্দি আছিল, তেতিয়াই এটা মিছাইল আহি পৰিছিল,” মিষ্টাৰ চুফিয়ানে স্মৰণ কৰি কয়। “তেওঁৰ মৃতদেহটো মই নিজৰ হাতেৰে ট্ৰাকত ভৰাই দিছিলোঁ।”

“বন্ধুৰ মৃতদেহ দেখাৰ পিছত মোৰ একো কামৰ শক্তি নাছিল।’-তেওঁ লগতে কয়।

তেওঁৰ মৃত্যুৰ পিছত, চুফিয়ান আৰু তাত আবদ্ধ হৈ থকা আন ভাৰতীয়সকলে সহায়ৰ বাবে অনুৰোধ জনোৱা এটা ভিডিঅ’ মুকলি কৰে, যিটো ভিডিঅ’ ভাৰতীয় সাংসদ আছাদুদ্দিন ওৱেইছীৰ হাতত পৰে আৰু তেওঁ বৈদেশিক মন্ত্ৰালয়ৰ আগত এই বিষয়টো উত্থাপন কৰে। লোককেইজনৰ পৰিয়ালেও তেওঁলোকক ঘূৰাই অনাৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ ওচৰত সহায়ৰ বাবে আবেদন জনাইছিল।

কাশ্মীৰৰ বাসিন্দা আজাদ ইউছুফ কুমাৰে কয় যে সেনাবাহিনীত তেওঁ চুফিয়ানৰ গোটৰ অংশ আছিল।

“এক মিনিটত আপুনি খাদ খান্দি আছে, আৰু পিছৰ মিনিটত আৰ্টিলাৰী এটা পৰি সকলো জ্বলাই পেলায়। আপোনাৰ ওপৰত বা আন কাৰোবাৰ ওপৰত পৰিলে সকলো ভাগ্যৰ কথা আছিল।”

যদিও শেহতীয়াকৈ মুকলি কৰি দিয়াটোৱে বহুতকে সকাহ দিলে, এতিয়াও ৰাছিয়াত থকাসকলে তেওঁলোকৰ মুক্তি পলম হোৱাৰ বাবে ক্ৰমাৎ হতাশাৰ সন্মুখীন হ’বলগীয়া হৈছে।

জানুৱাৰী মাহত ৰাছিয়ান সেনাবাহিনীত যোগদান কৰা টামাঙে ইয়াৰ পূৰ্বে নিজৰ স্থানীয় কাউন্সিলাৰ ৰবি প্ৰধানৰ জৰিয়তে দ্য ইণ্ডিয়ান এক্সপ্ৰেছ কাকতক জনাইছিল যে তেওঁৰ ইউনিটৰ ১৫ জন অনা ৰাছিয়ান সদস্যৰ ভিতৰত ১৩ জন সদস্যৰ মৃত্যু হৈছে।

আগষ্ট মাহত ডিচচাৰ্জ লেটাৰত স্বাক্ষৰ কৰাৰ পিছত তেওঁক কমেও দুবাৰকৈ ফ্ৰণ্টলাইনলৈ পঠিওৱাটোৱে তেওঁৰ আশংকা আৰু অধিক বৃদ্ধি কৰিছিল – আৰু লগতে প্ৰক্ৰিয়াটোত অনাস্থাও গঢ়ি উঠিছিল।

লগতে পঢ়কঃ  পেজাৰৰ পিছত লেবাননত এইবাৰ ৱাকিটকি, লেণ্ডলাইনত ধাৰাবাহিক বিস্ফোৰণ! কমেও ৩২ জনৰ মৃত্যু, আহত ৩হাজাৰ

১৫ ছেপ্টেম্বৰত তেওঁ মস্কোলৈ যোৱাৰ পথত আছিল যদিও তথাপিও সন্দেহ কৰিছিল যে তেওঁ সঁচাকৈয়ে ঘৰলৈ ৰাওনা হৈছে নে নাই। “মই বাহিৰত আছো, কিন্তু মোৰ লোকেশ্যন আপোনালোকলৈ পঠিয়াই থাকিম,” তেওঁ কয়।

শেষবাৰৰ বাবে যেতিয়া তেওঁ মেছেজ কৰিছিল, তেতিয়া তেওঁ ঘৰলৈ যাত্ৰা অব্যাহত ৰখাৰ আশাত ইউক্ৰেইন এৰি গৈছিল। (উৎসঃ বিবিচি)