• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পেজাৰৰ পিছত লেবাননত এইবাৰ ৱাকিটকি, লেণ্ডলাইনত ধাৰাবাহিক বিস্ফোৰণ! কমেও ৩২ জনৰ মৃত্যু, আহত ৩হাজাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 19, 2024 9:43 am
লেবাননত ইজৰাইলে চলাইছে ধাৰাবাহিক আক্ৰমণ। ফটোঃ সংগ্ৰহীত।

লেবাননত ইজৰাইলে চলাইছে ধাৰাবাহিক আক্ৰমণ। ফটোঃ সংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পেজাৰৰ পিছত এইবাৰ ৱাকিটকি! দুদিন ধৰি লেবাননত ধাৰাবাহিকভাৱে বিস্ফোৰণ সংঘটিত হৈ আছে। ইয়াৰ উপৰিও লেণ্ডলাইন ফোন বিস্ফোৰণৰ খবৰো পোৱা গৈছে। এই পৰ্যন্ত ৩২ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। আহতৰ সংখ্যা তিনি হাজাৰৰো অধিক!

বুধবাৰৰ পৰা লেবাননৰ বিভিন্ন প্ৰান্তত হিজবুল্লাহক লক্ষ্য কৰি এই আক্ৰমণ সংঘটিত হৈছে। পেজাৰ বিপৰ্যয়ৰ পিছত একেলগে শ শ ৱাকি-টকি বিস্ফোৰণ হোৱা বুলি জানিব পৰা গৈছে। ইজৰাইলে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে।

বুধবাৰে একে সময়তে লেবাননৰ বিভিন্ন ঠাইত পেজাৰ বিস্ফোৰণ ঘটে। একে সময়তে ৩০০০ পেজাৰ বিস্ফোৰণ ঘটে। ইয়াৰ পিছত অলপ সময়ৰ ভিতৰতে ৱাকি-টকি আৰু লেণ্ডলাইন টেলিফোনত বিস্ফোৰণ আৰম্ভ হয়। এই বিস্ফোৰণৰ বাবে কেইবাটাও ওখ ঘৰত জুই জ্বলি থকা দেখা গৈছে।

Apply Now

লগতে পঢ়কঃ গা ধোৱাৰ সময়ত হয় বেছিভাগ হাৰ্ট এটেক! এইবোৰ কথা জানিলে ৰক্ষা কৰিব পাৰিব বহুতৰে জীৱন

জানিব পৰা মতে এই ৱাকিটকি পাঁচ মাহৰ আগতে চৰকাৰে কিনিছিল। একে সময়তে ১৫০০ পেজাৰো ক্ৰয় কৰা হৈছিল। সেইবোৰেই ইটোৰ পিছত সিটোকৈ ফাটিবলৈ ধৰিছে। মূলতঃ দক্ষিণ লেবাননত, বেইৰুটৰ উপকণ্ঠ অঞ্চলত সংঘটিত হৈছে এই বিস্ফোৰণ। বুধবাৰে পেজাৰ বিস্ফোৰণত নিহত হিজবুল্লাহৰ শেষ অনুষ্ঠান চলি আছিল, য’ত আজিও সংঘটিত হয় বিস্ফোৰণ। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই ভিডিঅ’।

লেবাননৰ সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি জাপানী কোম্পানী আইকমে নিৰ্মাণ কৰা আইচি-ভি৮২ মডেলৰ ৱাকি-টকিত এই বিস্ফোৰণ সংঘটিত হয়। অৱশ্যে আইকমে কয় যে তেওঁলোকে সেই মডেলৰ ৱাকি-টকি বনোৱা বহু আগতেই বন্ধ কৰি দিছে। কোম্পানীটোৰ ৱেবছাইটতো এই কথা লিখা আছে। চৰকাৰৰ জৰিয়তে লেবাননত বিক্ৰীও কৰা নাছিল। ফলত এই বিস্ফোৰণৰ পৰিকল্পনাৰ বাবে সেইবোৰ চোৰাংভাৱে দেশলৈ অনা হৈছিল। আনকি দেশৰ নিৰাপত্তা সংস্থাইও সেইবোৰ পৰীক্ষা কৰা নাই।

News 🚨#Lebanon A walkie-talkie explodes in #Hezbollah‘s #Beirut stronghold.

#Lebanon that a new wave of explosions has occurred involving various wireless devices and electrical equipment causing sever
several casualties, according to news.#LebanonExplosion #Beirut #Israel pic.twitter.com/rZDSXSpEJK

— Kuldeep soora (@soora_kuldeep) September 18, 2024

ইজৰাইল আৰু হামাছৰ মাজত হোৱা যুদ্ধত হামাছৰ হৈ থিয় দিছিল লেবানন-ছিৰিয়ান হিজবুল্লাহ উগ্ৰপন্থী সংগঠনটোৱে। আমেৰিকাৰ সংবাদ মাধ্যমে নিশ্চিত কৰিছে যে ইজৰাইলে পেলেষ্টাইন আৰু গাজাক সমৰ্থন কৰাৰ বাবেই লেবাননত এই অপৰাধ সংঘটিত কৰিছে। হালটা, ফাৰ্কেলা, অডেইছ, চামা, আৰু মিছাইল নিক্ষেপ স্থানত থকা হিজবুল্লাহ শিবিৰত আক্ৰমণ চলোৱাৰ বাতৰি পোৱা গৈছে। কিন্তু কালি ডিপাৰ্টমেণ্ট ষ্ট’ৰৰ পৰা আৰম্ভ কৰি বিভিন্ন জনবসতিপূৰ্ণ অঞ্চলত বিস্ফোৰণ সংঘটিত হয়। আজিও একেই ঘটনা। ফলত বহু নিৰীহ লোক এই আক্ৰমণৰ বলি হ’ল।

কিন্তু হিজবুল্লাইও প্ৰতিহত ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁলোকে ইজৰাইলৰ সেনাৰ কেইবাটাও শিবিৰতো আক্ৰমণ চলায়। কেইবাবাৰো ৰকেটো নিক্ষেপ কৰা হয়। ইজৰাইলৰ দক্ষিণ সীমান্ততো ইজৰাইলী বাহিনীৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছে। ইজৰাইলৰ সেনাই লেবাননৰ সীমান্ত অঞ্চলৰ পৰা সাধাৰণ নাগৰিকক আঁতৰাই নিছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

August 20, 2026 7:59 pm
প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

August 20, 2026 7:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd