NORTHEAST NOW (Assamese)

Demand for Chilarai University: মুখ্যমন্ত্ৰীক সোঁৱৰাই দিলে প্ৰতিশ্ৰুতি; গোলকগঞ্জত চিলাৰায় বিশ্ববিদ্যালয় স্থাপনৰ দাবীৰে প্ৰতিবাদ ছাত্ৰ-ছাত্ৰীৰ

November 28, 2021 12:25 pm · এন ই নাও নিউজ, ধুবুৰী
ফটো: নৰ্থইষ্ট নাও।

Demand for Chilarai University নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেতিয়াৰ শিক্ষামন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী গোলকগঞ্জত আক্ৰাছুৰ শ্বহীদ দিৱসত আহি  প্ৰতিশ্ৰুতি দিছিল যে নিৰ্বাচনৰ শেষত পোন প্ৰথমে গোলকগঞ্জত চিলাৰায় বিশ্ববিদ্যালয় স্থাপন কৰা হব।

কিন্তু শেহতীয়া কৈ ৰাজ্যত ছয়খনকৈ মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত কৰাৰ ঘোষণা কৰে যদিও তাত চিলাৰায় বিশ্ববিদ্যালয়ৰ নাম ঘোষণা নকৰাত বিভিন্ন দল সংগঠনৰ লগতে চিলাৰায় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলেও মহাবিদ্যালয় খনৰ সম্মুখত প্ৰতিবাদ সাৱ্যস্ত কৰে।

অতি শীঘ্ৰেই মহাবিদ্যালয়খনক বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত কৰাৰ দাবী জনাইছে ছাত্ৰ-ছাত্ৰী সকলে।

Also Read: Cell Culture Laboratory Inaugurated গুৱাহাটীৰ জি আই পি এছৰ চৌহদত গৱেষণাৰ বাবে “চেল কালচাৰ” লেবৰেটৰী স্থাপন

যিহেতু নামনি অসম তথা ধুবুৰী জিলা শিক্ষাৰ ক্ষেত্ৰত বহুত পিছপৰা তেনেক্ষেত্ৰত ধুবুৰী জিলাত বিশ্ববিদ্যালয়খন স্থাপন কৰিলে বহুতো ছাত্ৰ-ছাত্ৰীৰ সুবিধা হব লগতে শিক্ষাৰ ক্ষেত্ৰত ধুবুৰী জিলা বহুত আগবাঢ়ি যাব।

ধুবুৰী জিলা আক্ৰাছুৰ যুৱ নেতা তথা চিলাৰায় কলেজৰ প্ৰাক্তন সাধাৰণ সম্পাদক চন্দন ৰায়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চিলাৰায় বিশ্ববিদ্যালয় স্থাপনৰ প্ৰতিশ্ৰুতি পালন কৰিবলৈ দাবী জনায়। 

Related News