NORTHEAST NOW (Assamese)
দেশ

গুৰুতৰভাৱে অসুস্থ হোৱা বুলি জানিও ছুটী নিদিলে প্ৰধান শিক্ষকে : হাতত চেলাইন লৈ পঢ়াশালিত উপস্থিত হ’ল বিষয় শিক্ষক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 9, 2025 3:46 pm

শিক্ষকগৰাকী গুৰুতৰভাৱে অসুস্থ আছিল। বাৰে বাৰে চিকিৎসাৰ বাবে ছুটী বিচাৰিছিল। অসুস্থতাৰ কথা জানিও অধ্যক্ষই শিক্ষকজনক ছুটী নিদিলে। যাৰ বাবে শিক্ষকজনে চেলাইন লৈ স্কুলত দেখা দিবলৈ বাধ্য হয়। অথচ ইয়াৰ পিছতো তেওঁ অসুস্থ বু্লি স্বীকাৰ কৰিবলৈ অনুচ্ছুক প্ৰধান শিক্ষক।

সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি এই ঘটনা সংঘটিত হৈছে উৰিষ্যাৰ বালাংগীৰ জিলাত।

প্ৰকাশ ভোই নামৰ গণিতৰ শিক্ষক গৰাকী যোৱা ৬ মাৰ্চত ককায়েকৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰি অসুস্থ হৈ পৰে। পিছদিনা অধ্যক্ষৰ ওচৰত তেওঁ চিকিৎসাৰ ছুটী বিচাৰিলে। কিন্তু বিদ্যালয়খনৰ উপাধ্যক্ষ বিজয়লক্ষ্মীয়ে ছুটী দিবলৈ অস্বীকাৰ কৰে আৰু পিছদিনা স্কুলত হাজিৰ নিৰ্দেশ দিয়ে।

সেইদিনা স্কুললৈ যোৱাৰ পিছত শিক্ষকজনৰ শাৰীৰিক অৱস্থা আৰু অধিক অৱনতি ঘটে। অধ্যক্ষৰ অনুমতি লৈ তেওঁ  চিকিৎসালয়লৈ যাবলৈ বিচাৰিলে। কিন্তু চৰকাৰী চিকিৎসালয় বিদ্যালয়ৰ পৰা বহু দূৰত থকাৰ বাবে খৰধৰকৈ তেওঁ স্থানীয় ব্যক্তিগত ক্লিনিক এখনলৈ গ’ল। কিন্তু অধ্যক্ষই সহানুভূতি প্ৰকাশ কৰাৰ পৰিৱৰ্তে শিক্ষকগৰাকীক তৎক্ষণাত বিদ্যালয়লৈ আহিবলৈ ক’লে।

যাৰ বাবে তেওঁ চেলাইন লৈয়েই স্কুললৈ আহিল। তাৰ পিছত তেওঁৰ সহকৰ্মীসকলে তেওঁক চিকিৎসালয়লৈ লৈ গ’ল।

অভিযোগ অনুসৰি অধ্যক্ষগৰাকীয়ে এনে ক্ষেত্ৰত আগতে চিকিৎসাৰ ছুটী দিব বিচৰা নাছিল। ছুটী দিলেও সদায় শিক্ষকসকলৰ লগত তেওঁ বেয়া ব্যৱহাৰ কৰে। আনকি ছাত্ৰ-ছাত্ৰীৰ সন্মুখতে তেওঁলোকক হাৰাশাস্তি কৰে।