NORTHEAST NOW (Assamese)
দেশ

উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিব সোণম ৱাংচুকৰ গোচৰৰ শুনানি : পত্নী দ্বাৰস্থ হৈছিল শীৰ্ষ আদালতৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 5, 2025 9:30 pm

সোণম ৱাংচুকৰ পত্নী ডাঃ গীতাঞ্জলিয়ে ৬ অক্টোবৰ সোমবাৰে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে।

এই আবেদনত গীতাঞ্জলিয়ে ৰাষ্ট্ৰীয় নিৰাপত্তা আইন (এন এছ এ)ৰ অধীনত সোণমৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই মুক্তি বিচাৰিছিল।

এই গোচৰৰ শুনানি গ্ৰহণ কৰিব ন্যায়াধীশ অৰবিন্দ কুমাৰ আৰু এন ভি অঞ্জৰিয়াৰ বিচাৰপীঠে।

উল্লেখ্য যে যোৱা ২৪ ছেপ্টেম্বৰত লাডাখত প্ৰতিবাদৰ সূত্ৰপাত হৈছিল, যত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল।

লাডাখত হিংসাত্মক প্ৰতিবাদত উচটনি দিয়াৰ অভিযোগ উত্থাপন হৈছে সোণম ৱাংচুকৰ বিৰুদ্ধে। যাৰ বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৱাংচুকক।