NORTHEAST NOW (Assamese)

আমেৰিকাক হে প্ৰয়োজন হৈছে আনন্দ মিশ্ৰৰ : ড্ৰাগছ আসক্ত যুৱচামে নাঙঠ হৈ নাচিছে পথত

June 3, 2023 11:55 am · এন ই নাও নিউজ, গুৱাহাটী

বিশ্বৰ আটাইতকৈ উন্নত দেশ বু্যলি বিবেচনা কৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ তৰুণ প্ৰজন্মটোক আগুৰি ধৰিছে ড্ৰাগছৰ আসক্তিয়ে। বছৰ বছৰ ধৰি ড্ৰাগছ সেৱন কৰাৰ ফলত মানৱ সম্পদৰ চৰম অপচয় হৈছে দেশখনত। দেশৰ চৰকাৰে হাজাৰ চেষ্টাৰ পিছতো ড্ৰাগছৰ কবলৰ পৰা মুক্ত কৰিব পৰা নাই দেশখনক। 

শেহতীয়া ড্ৰাগছ সেৱন কৰি দানৱীয় তথা পাগলৰ দৰে আচৰণ কৰিবলৈ আৰম্ভ কৰিছে ড্ৰাগছে সেৱনকাৰী ব্যক্তিসকলে। ‘জম্বি ড্ৰাগছ’ নামৰ এবিধ ভয়ানক ঔষধৰ নিচা কৰি আসুৰিক প্ৰৱণতাৰ বলি হৈছে এইসকল সেৱনকাৰী। শেহতীয়া ভাইৰেল হৈ পৰিছে এই ড্ৰাগছ সেৱন কৰি আজৱ আচৰণ কৰা ড্ৰাগছ সেৱনকাৰী সকলৰ কিছুমান ভিডিঅ’। 

এই নিচাই মানুহক ইমানেই আসক্ত কৰই তুলিছে যে ছ’চিয়েল মিডিয়াত তেওঁলোকৰ ভয়ংকৰ ছবি দেখি সমগ্ৰ বিশ্বৰ মানুহ উত্তেজিত হৈ পৰিছে। উত্তৰ-পূব আমেৰিকাৰ পেনচিলভেনিয়াৰ ফিলাডেলফিয়াৰ পৰা আৰম্ভ কৰি পশ্চিম আমেৰিকাৰ কেলিফৰ্ণিয়াৰ বিখ্যাত চহৰ লছ এঞ্জেলছলৈকে সকলোতে এই ভয়ানক ড্ৰাগছ সেৱন কৰি মানুহ একেবাৰে দানৱীয় হৈ পৰিছে। 

চিকিৎসকে কয় যে ‘জম্বি ড্ৰাগছ’ আচলতে এটা ঔষধ, যাৰ প্ৰকৃত নাম Xylazine বা Tranq। এই ঔষধে মানুহৰ মগজুক সম্পূৰ্ণৰূপে অজ্ঞান কৰি পেলাব পাৰে, শৰীৰৰ স্নায়ুতন্ত্ৰক হতাশ কৰিব পাৰে, যাৰ ফলত ৰক্তচাপ সম্পূৰ্ণৰূপে কমি যাব পাৰে, উশাহ-নিশাহ লেহেমীয়া হ’ব পাৰে, হৃদযন্ত্ৰৰ কাম বন্ধ হ’ব পাৰে। এই ঔষধ সেৱন কৰাৰ পিছত ছালৰ ব্যাপক ক্ষতি হয়। শেহতীয়াকৈ ফিলাডেলফিয়াত ৰাস্তাৰ মাজত বা ৰাস্তাৰ কাষত শাৰী পাতি বহি বা শুই থকা অৱস্থাত অদ্ভুত আচৰণ কৰা লোকসকলৰ বহুতৰে ছালত সম্পূৰ্ণৰূপে দাগ পৰিছে।

স্থানীয় এজন চিকিৎসকে এই সন্দৰ্ভত নিজৰ অভিজ্ঞতা ব্যক্ত কৰি সংবাদ মাধ্যমৰ আগত কয় যে এজন ড্ৰাগছ আসক্তৰ অৱস্থা ইমানেই বেয়া যে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰিব বিচাৰিলেও তেওঁক কোনো ধৰণৰ চিকিৎসাৰ বাবে চিকিৎসালয়লৈ নিনিবলৈ অনুৰোধ কৰে। কাৰণ, চিকিৎসালয়লৈ গ’লে তেওঁৰ নিচা তাতেই বন্ধ হৈ যাব।

এই ঔষধে শৰীৰত ৰ’ইন, ফেণ্টানাইল আৰু কোকেইনৰ প্ৰভাৱ বৃদ্ধি কৰে। ইয়াৰ নিচা ইমানেই দ্ৰুতগতিত বিয়পি পৰিছে যে ইতিমধ্যে ই আমেৰিকাৰ পৰা ইউৰোপৰ যুৱ সমাজৰ মাজলৈকো বিয়পি পৰিছে। এই ‘জম্বি ড্ৰাগছ’ বা জাইলাজিনক ইতিমধ্যে আমেৰিকাৰ হোৱাইট হাউছে ‘ক্ৰমবৰ্ধমান ভাবুকি’ হিচাপে ঘোষণা কৰিছে। ফিলাডেলফিয়াৰ স্বাস্থ্য বিষয়াৰ মতে, এই ড্ৰাগছবিধৰ কবলত চহৰখনৰ পৰিস্থিতি এতিয়া মহামাৰীৰ স্তৰত উপনীত হৈছে।

Related News