NORTHEAST NOW (Assamese)
অসম

গোলাঘাটত ১১৯৭ টা গঁড়ৰ খড়্গৰ পুনৰীক্ষণ প্ৰক্ৰিয়া সম্পন্ন

Posted by: মীনাক্ষী ফুকন September 13, 2021 12:01 pm
IMG-20210912-WA0028

গোলাঘাটৰ আৱৰ্ত ভৱনৰ সভাকক্ষত ব্যাপক নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে যোৱা ৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা গঁড়ৰ খড়্গৰ পুনৰীক্ষণ প্ৰক্ৰিয়াৰ আজি সামৰণি পৰে।

১৯ জনীয়া এখন কাৰিকৰী সমিতিয়ে খড়্গসমূহৰ পুনৰীক্ষণ প্ৰক্ৰিয়াত অংশ লয়। এই প্ৰক্ৰিয়াত মুঠ ১,১৯৭ টা খড়্গ পৰীক্ষা কৰা হয়।

বন সংৰক্ষক তথা ভাৰতীয় বন সেৱাৰ বিষয়া এম হুছেইনৰ অধ্যক্ষতাত আৰু উপ বন সংৰক্ষক খনিন্দ্ৰ দাস সদস্য সচিব হিচাপে থকা সমিতিখনত শীৰ্ষ বন বিষয়া, প্ৰকৃতিপ্ৰেমী সংগঠনৰ প্ৰতিনিধি, পৰিৱেশবিদ, সাংবাদিক আৰু কেইবাগৰাকীও বিশেষজ্ঞ আছে।

কাৰিকৰী সমিতিৰ উপৰি কেন্দ্ৰীয় সমিতি আৰু স্থানীয় পৰ্যায়ত মাণ্ডলিক সমিতিও আছে। এই প্ৰক্ৰিয়াত গঁড়ৰ খড়্গসমূহ পৰীক্ষা কৰাৰ লগতে ডি এন এ নমুনা সংগ্ৰহ কৰা হয়।

Also read : মোদী চৰকাৰৰ বৰ্বৰতা : পৰিৱেশকৰ্মী দিশা ৰবীক গ্ৰেপ্তাৰৰ পাছতে ক্ষোভিত বিভিন্ন মহল

উল্লেখ্য যে সমগ্ৰ ৰাজ্যতে জমা কৰি ৰখা গঁড়ৰ খড়্গসমূহৰ পুনৰীক্ষণৰ বাবে ৭টা জ’নত ভাগ কৰি দিয়া হৈছিল। ইতিমধ্যে আটাইবোৰ জ’নৰ পুনৰীক্ষণ প্ৰক্ৰিয়াৰ সামৰণি পৰিছে।