NORTHEAST NOW (Assamese)
দেশ

চুৰি কৰিবলৈ গৈ গৃহস্থৰ পাকঘৰত ৰান্ধি থোৱা ভাত খাই টোপনিত ঢলি পৰিল চোৰ! পুৱা জগাই দি উত্তম-মধ্যম সোধালে গৃহস্থই

Posted by: নৰ্থ-ইষ্ট নাও Updated by: নৰ্থ-ইষ্ট নাও August 4, 2025 6:23 pm

কানপুৰত সংঘটিত হৈছে এক আমোদজনক ঘটনা। চুৰি কৰিবলৈ আহি ভাগৰি পৰিল চোৰ। কিছু সময় জিৰাই লও বুলি শুই দিওতেই টোপনিত লালকাল হৈ পৰিল চোৰ। পুৱা গৃহস্থই জগাই দিয়াৰ পিছতহে সাৰ পালে চোৰে।

নাজিৰাবাদ থানা এলেকাৰ মৰিয়ামপুৰ ৰেলপথৰ সমীপত সংঘটিত হৈছে এই ঘটনা। সেই অঞ্চলত – বিনোদ কুমাৰ আৰু অনিল কুমাৰ নামৰ দুই ভাতৃয়ে ওচৰাওচৰিকৈ থকা দুটা ঘৰত বাস কৰে।

মাজনিশা চোৰে প্ৰথমে বিনোদ কুমাৰৰ ঘৰত অভিযান চলায়। আলমাৰীৰ তলা ভাঙি সকলো টকা আৰু গহনা লৈ যায় চোৰে। ইয়াৰ পিছত অনিল কুমাৰৰ ঘৰত প্ৰৱেশ কৰে চোৰে। কিন্তু তাতে ভাগৰি পৰে সুৰাপয়ী চোৰ। নিজৰ কৰ্মস্থলীতে টোপনি যায় চোৰ।

পিছদিনা অনিল কুমাৰে ৰাতিপুৱা দেখে যে তেওঁৰ বিচনাত শুই আছে এজন অচিনাকি মানুহ। তেনেতে আলমাৰীৰ ভঙা তলাটোৰ ওপৰত চকু পৰে অনিল কুমাৰৰ। সন্দেহ হোৱাৰ লগে লগে ঘৰৰ বাকীবোৰ আহি দেখে যে চোৰৰ পকেটত আছে তেওঁলোকৰ গহনা আৰু টকা।

তাৰপিছত সকলোৱে সকলোৱে একেলগে ধৰিলেহি শুই থকা চোৰটোক। তাৰপিছত আৰক্ষীক খবৰ দিয়া হ’ল। নাজিৰাবাদ থানাৰ আৰক্ষী আহি চোৰক গ্ৰেপ্তাৰ কৰিলে। ইতিমধ্যে গোচৰ ৰুজু কৰি জেল জিম্মালৈ প্ৰেৰণ কৰা হৈছে গভাইত চোৰটোক।